সংকটত প্ৰকৃতিৰ জমাদাৰ! গৰুৰ মৰাশ ভক্ষণৰ পিছতে যন্ত্ৰণাত চটবটাই মৃত্যু ২৫টা শগুণৰ…

নিউজ ডেস্কঃ গৰুৰ মৰাশ ভক্ষণ কৰাৰ পিছতে শিৱসাগৰ জিলাত ২৫টাকৈ দুষ্প্ৰাপ্য শগুণৰ মৃত্যু ঘটাৰ ঘটনাই সমগ্ৰ অঞ্চলটোতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

জানিব পৰা মতে, শিৱসাগৰ জিলাৰ চিতলীয়া নাওজান বিলৰপাৰত কোনো লোকে মুকলিকৈ পেলাই যোৱা গৰু আৰু ম’হৰ মৰা শ ভক্ষণ কৰাৰ পিছতে মৃ্ত্যু ঘটে হিমলয়ান গ্ৰিফন আৰু হোৱাইট বেক প্ৰজাতিৰ ২৫টা শগুণ।

ইয়াৰ উপৰি আন ৯ টাকৈ শগুন বিষক্ৰিয়াত আক্ৰান্ত হৈ মৃত্যু যন্ত্ৰণাত চটফটাই আছে।

সােমবাৰে পুৱাৰে পৰা উক্ত গৰু আৰু ম’হৰ মৰাশ পৰি থকা স্থানৰ সমীপতেই বহুসংখ্যক শগুন অতি সংকটজনক অৱস্থাত ছটফটাই থকা প্ৰত্যক্ষ কৰে একাংশ ব্যক্তিয়ে।

ঘটনাৰ খবৰ পােৱাৰ পিছতে বন বিভাগৰ দল এটাই লগতে পশু চিকিৎসকক লৈ ঘটনাস্থলীত উপস্থিত হয়।

দলটোৱে তাৎক্ষণিকভাৱে ঘটনাস্থলীৰ পৰা মুঠ ৯ টা অতি অসুস্থ অৱস্থাত ছটফটাই থকা শগুন উদ্ধাৰ কৰি প্ৰাথমিক চিকিৎসা চৰগুৱাস্থিত বিশেষ চিকিৎসা কেন্দ্ৰলৈ প্ৰেৰণ কৰে।

ইয়াৰ পাচতেই দলটোৱে উক্ত মৰাশ পৰি থকা পথাৰখনৰ পৰা মুঠ ২৫ টা মৃত শগুনৰ শ উদ্ধাৰ কৰে।

বন বিভাগৰ দলটোৱে সম্পূর্ণ নীতি-নিয়ম অনুসৰি পশু চিকিৎসকৰ সহায়ত আটাইকেইটা মৃত শগুনৰ মৰাশ, মৰণোত্তৰ পৰীক্ষা কৰাৰ অন্তত ঠাইতে সমাধিস্থ কৰাৰ ব্যৱস্থা কৰে।

ইতিমধ্যে বন বিভাগে বন্যপ্ৰাণী সুৰক্ষা আইনৰ অধীনত এটা গোচৰ ৰুজু কৰিছে।