সমনীয়াক নতুন চাইকেল দেখুৱাবলৈ গৈছিল, আদবাটতে সংঘটিত হ’ল কৰুণ ঘটনা

নিউজ ডেস্ক। এগৰাকী ছাত্ৰীক নতুনকৈ পিতৃয়ে ক্ৰয় কৰি দিছিল এখন চাইকেল।

পিছদিনা পুৱাই বান্ধৱীক তেওঁ দেখুৱাবলৈ গৈছিল নতুন চাইকেল। কিন্তু চলাই যাওঁতেই নিয়ন্ত্ৰণ হেৰুৱাই হঠাতে পৰিলে তেওঁ।

ইয়াৰ ফলত নতুন চাইকেলৰ প্ৰথম ভ্ৰমনতে আঘাতপ্ৰাপ্ত হৈ মৃত্যু হ’ল ছাত্ৰীগৰাকীৰ।

এই ঘটনা সংঘটিত হৈছে কেৰেলাৰ কঝিকডেত। মৃত্যু হোৱা ছাত্ৰী গৰাকী অষ্টম শ্ৰেণীৰ ছাত্ৰী বৃন্দা বিনোদ।

খবৰ অনুসৰি, বৃন্দাই দীৰ্ঘদিনৰ পৰা এখন চাইকেল বিচাৰি আছিল পিতৃ-মাতৃক। তেওঁৰ দাবীৰ প্ৰতি লক্ষ্য কৰি পিতৃয়ে তেওঁক ক্ৰয় কৰি দিছিল এখন নতুন চাইকেল। পিছদিনা পুৱা সোনকালেই তেওঁ চলাই চাইকেলখন।

তেওঁৰ উদ্দেশ্য আছিল সমনীয়াক তেওঁ ৰনতুন চাইকেলখন দেখুওৱা। কিন্তু পুৱাই চলাই যাওঁতে তেওঁ নিয়ন্ত্ৰণ হেৰুৱাই পৰি যায় চাইকেলৰ পৰা। চাইকেলখন তেওঁৰ গাত পৰি যায়।

চাইকেলৰ হেণ্ডেলে তেওঁৰ বুকুত আঘাত কৰে। তেওঁ অচেতন হৈ পৰে। লগে লগে তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হৈছিল।

তেওঁ শৰীৰৰ বৰ্হি ভাগত কটোৱেই আঘাত পোৱা নাছিল যদিও শৰীৰৰ ভিতৰ ভাগত বেয়াকৈ আঘাত পাইছিল। তেওঁ বুকুত আঘাত পোৱাৰ বাবে আনকি তেজ বমিও কৰিছিল। চিকিৎসকে চিকিৎসা আৰু অস্ত্ৰোপ্ৰচাৰ কৰাৰ পিছতো দুৰ্ঘটনাৰ পিছদিনা তেওঁ মৃত্যুবৰণ কৰে।

এই খবৰ পোৱাৰ লগে লগেই ছাত্ৰী গৰাকীৰ পৰিয়াল আৰু ওচৰ চুবুৰীয়া আচৰিত হৈ পৰে।

এগৰাকী আত্মীয়ই জনোৱা অনুসৰি, পূৰ্বতে বৃন্দাই উশাহ লোৱাত কষ্ট পোৱা সমস্যাত ভুগিছিল। আৰু তেওঁৰ এক বেলেগ ৰোগো আছিল। যিসমূহ ৰোগৰ পূৰ্বতে এক অস্ত্ৰোপ্ৰচাৰ হৈছিল। সেই অস্ত্ৰোপ্ৰচাৰৰ পিছত তেওঁ ১০ দিনৰ চিকিৎসাধীন অৱস্থাত আছিল। কিন্তু এই দুৰ্ঘটনাত তেওঁ পাকস্থলীত বেয়াকৈ আঘাত পায়। যাৰ ফলত তেওঁৰ মৃত্যু হয়।

উল্লেখ্য যে বৃন্দা কঝিকডেৰ ছেইণ্ট যোছেফ এংলো ইণ্ডিয়ান গাৰ্লছ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ ছাত্ৰী আছিল।

Leave a Comment