নিউজ ডেস্ক। জম্মু আৰু কাশ্মীৰৰ পুঞ্চ জিলাৰ নিয়ন্ত্ৰণ ৰেখাৰ কৃষ্ণ ঘাটি চেক্টৰত হোৱা এক লেণ্ডমাইন বিস্ফোৰণত শ্বহীদ হৈছিল সেনা জোৱান চিপাহী কমলদেৱ বৈদ্য।
সেনাৰ দলে টহল দিয়া সময়ত শুকুৰবাৰে পুৱতি নিশা সংঘটিত হৈছিল এই ঘটনা। বিস্ফোৰণটোত এটা ভৰি আৰু কমলদেৱ বৈদ্যৰ আন অংশ ক্ষতিগ্ৰস্ত হৈছিল।
ইয়াৰ পিছতেই শ্বহীদজনৰ নশ্বৰ দেহ হিমাচল প্ৰদেশৰ স্থানীয় ঘুৰৱী গাঁৱলৈ অনা হৈছিল। কিন্তু গাওঁখনত সম্পূৰ্ণৰূপে তেওঁৰ নশ্বৰ দেহ পৰিদৰ্শন কৰা হোৱা নাছিল।
সেই কথাক লৈ অসন্তুষ্ট হৈ পৰে শ্বহীদজনৰ পৰিয়াল আৰু গাঁৱৰ লোক। আনকি শ্বহীদজনৰ মুখ খনো এবাৰ চাবলৈ নাপাইছিল তেওঁলোকে।
শ্বহীদৰ ভগ্নী শশী বালাই ভাতৃৰ মুখ খন চাবলৈ কান্দিছিল। সেয়েহে ভগ্নীয়ে কান্দি কান্দি কৈছিল সেই কথা। য’ত উপস্থিত সকলোৱে আৱেগিক হৈ পৰিছিল। আনকি উপস্থিত সেনা জোৱান সকলৰো চকু সেমেকি উঠিছিল।
লগমন্য পঞ্চায়তৰ ঘুৰৱী গাঁৱৰ কমলদেৱ বৈদ্যৰ শ্বহীদক লৈ সকলোৱে গৌৰৱান্বিত। কিন্তু যুৱ জোৱানজনৰ আকস্মিক বিয়োগত সকলোৱে দুখিত। দেওবাৰে ডোগ্ৰা ৰেজিমেণ্টৰ সৈন্যসকলে তেওঁলোকৰ সহকৰ্মী শ্বহীদ কমলদেৱ বৈদ্যৰ অন্ত্যেষ্টিক্ৰিয়াৰ পিছত উভতি অহাৰ সময়ত শ্বহীদৰ সৰু ভগ্নী শশী বালাই মানুহৰ ভিৰৰ পৰা উঠি আহি কান্দি কান্দি সৈনিকসকলৰ ওচৰলৈ আহিছিল।
আৰু তেওঁলোকক ইউনিফৰ্মত ধৰি তেওঁ সুধিছিল যে, “মোৰ ভাতৃৰ মৃতদেহ কাছৰ কফিনত কিয় অনা নাছিল। মই মোৰ ভাতৃৰ মুখখন কেনেকৈ চাম?” ইয়াৰ পিছতেই সমগ্ৰ পৰিৱেশটো বৰ বিষাদময় হৈ পৰিছিল। শ্বহীদৰ নশ্বৰ দেহ অনা সেনা জোৱানসকলৰ চকুৰ পৰা চকুপানী বৈ আহিছিল।
শ্বহীদৰ পিতৃ মদন লালে কয় যে তেওঁৰ পুত্ৰ দেশক সুৰক্ষা দিয়াৰ সময়ত শ্বহীদ হৈছে। চৰকাৰৰ পৰা আৰু কি বিচাৰিব পাৰি?
উল্লেখ্য যে শ্বহীদ কমলদেৱ বৈদ্যৰ নামেৰে তেওঁ অধ্যয়ন কৰা বিদ্যালয়খন নামাকৰণ কৰাৰ দাবী উত্থাপন কৰে স্থানীয় লোকে।
এই সন্দৰ্ভত লগমানৱী পঞ্চায়ত প্ৰধান শশী শৰ্মাই কয় যে শ্বহীদজনে প্ৰথম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ চৰকাৰী উচ্চ বিদ্যালয় লুড্দাৰ মহাদেৱত অধ্যয়ন কৰিছিল। সেয়েহে বিদ্যালয়খনৰ নাম শ্বহীদ কমলদেৱ বৈদ্যৰ নামেৰে নামাকৰণ কৰিব লাগে আৰু বাচীৰ পৰা লাগমানৱী পথহৈ জাহুলৈ যোৱা পথত শ্বহীদৰ স্মৃতিত এখন গেট নিৰ্মাণ কৰিব লাগে।