সাপক ৰাখী পিন্ধাবলৈ গৈ বিপদত পৰিল এজন বেজ, ঘটিল ভয়ানক ঘটনা

নিউজ ডেস্ক। ৰাখী বন্ধনৰ দিনা সংঘটিত হয় এক শোকাৱহ ঘটনা। ভগ্নীক সাপক ৰাখী পিন্ধাবলৈ দি সাপৰ দংশনত মৃত্যু হ’ল যুৱকৰ।

এই ঘটনা সংঘটিত হয় বিহাৰৰ ছপা জিলাৰ মাঁঝি সীতালপুৰ গাঁৱত।

সৰ্প দংশনৰ পিছত যুৱকজনক বেজৰ দ্বাৰা চিকিৎসা কৰোৱাৰ পিছত স্বাস্থ্য অধিক অৱনতি ঘটাত চিকিৎসালয়লৈ লৈ যোৱা হৈছিল যদিও মৃত্যু হয় যুৱকজনৰ।

মৃত যুৱকজনক মনমোহন ওৰফে ভূৰা বুলি চিনাক্ত কৰা হয়। তেওঁক স্থানীয়ভাৱে সাপৰ বেজ বা ওজা হিচাপে জনা যায়।

ঘটনা অনুসৰি, ২৫ বছৰীয়া মনমোহন ওৰফে ভূৰাৰে নিজকে বেজ বুলি সকলোকে জনায়। তেওঁ ১০ বছৰ ধৰি তেনে কাম কৰি আহিছে।

কিন্তু দেওবাৰে তেওঁ দুটা বিষাক্ত সাপৰ নেজত ধৰি তেওঁৰ ভগ্নীক ৰাখী পিন্ধাবলৈ দিছিল। সেই সময়তে সাপটোৱে মনমোহনৰ ভৰিত দংশন কৰে।

লগে লগে তেওঁ অচেতন হৈ পৰে। যাৰ ফলত সীতালপুৰৰ বাসিন্দা মাঁঝিয়ে তেওঁক ঝাড়ুৰে চিকিৎসা কৰা আৰম্ভ কৰে। কিন্তু তেওঁৰ অৱস্থাৰ অৱনতি ঘটে। সেয়েহে পৰৱৰ্তী সময়ত তেওঁক লৈ যোৱা হয় স্থানীয় চিকিৎসালয়লৈ।

সেই চিকিৎসালয়ত এণ্টি-ভেনম বেজী নথকাত তেওঁক সদৰ চিকিৎসালয়লৈ লৈ যোৱা হয়। কিন্তু তাত তেওঁক চিকিৎসকে মৃত ঘোষণা কৰে।

উল্লেখ্য যে স্থানীয় লোকে মনমোহনক সাপৰ প্ৰকৃত বন্ধু বুলি গণ্য কৰিছিল। অঞ্চলটোত যদি সাপে কাৰোবাক কামুৰে, তেন্তে তেওঁক চিকিৎসাৰ বাবে মাতি অনা হয়। সকলোৱে বিশ্বাস কৰিছিল যে তেওঁ সাপৰ বেজ।

ইয়াৰোপৰি ওচৰৰ চিৱান আৰু বালিয়া জিলাতো সাপ ধৰিবলৈ মনমোহনক মাতি নিয়ে।

তেওঁ অতি সাৱধানে সাপ ধৰি অৰণ্যত এৰি দিয়ে।আঘাতপ্ৰাপ্ত সাপৰ চিকিৎসাৰ বাবে মনমোহন জনাজাত আছিল৷ মনমোহনৰ মুখ্য কাম আছিল আঘাতপ্ৰাপ্ত সাপৰ চিকিৎসা কৰা আৰু সেইবোৰ অৰণ্যত এৰি দিয়া।

Leave a Comment