সুদক্ষ আৰক্ষী বিষয়া মস্কো শইকীয়াৰ আকস্মিক বিয়ােগ

নিউজ ডেস্ক। মঙলদৈত এক মৰ্মান্তিক ঘটনা!

মঙলদৈ সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মস্কো শইকীয়াৰ আকস্মিক দেহাৱসান।

22

হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ নিশা মৃত্যু হয় ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মস্কো শইকীয়াৰ।

জানিব পৰা মতে, শনিবাৰে দায়িত্ব পালন কৰি থকাৰ সময়তে উচ্চ ৰক্তচাপজনিত কাৰণত অসুস্থ হৈ পৰিছিল মস্কো শইকীয়া।

523

পুৱতি নিশা ৪ বজাত হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হোৱাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰাত চিকিৎসালয়ত চিকিৎসকে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াজনৰ মৃত্যু হোৱা বুলি ঘোষণা কৰে।

এজন মানৱ দৰদী আৰু দক্ষ আৰক্ষী বিষয়া আছিল মস্কো শইকীয়া।

সকলোৰে লগত মিলি-জুলি থাকি ভালপোৱা আৰক্ষী বিষয়াজনৰ আকস্মিক মৃত্যুত মৰ্মাহত হৈছে মঙলদৈ বাসী।

অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান জি পি সিঙে টুইট কৰি বিষয়াগৰাকীৰ আকস্মিক বিয়ােগত অসম আৰক্ষী পৰিয়ালৰ হৈ গভীৰ শােক প্ৰকাশ কৰিছে।

লগতে চাওকঃ

মানসিক বিকাৰগ্ৰস্তৰ দাৰ ঘাপত গুৰুতৰভাৱে আহত আৰক্ষী বিষয়া

Leave a Comment