হঠাতে অসুস্থ জনপ্ৰিয় কন্ঠশিল্পী জুবলী বৰুৱা, হাস্পতালত চিকিৎসাধীন

নিউজ ডেস্ক। হঠাতে অসুস্থ হৈ পৰিল অসমৰ জনপ্ৰিয় গায়িকা জুবলী বৰুৱা।

মূলতঃ ক’ভিড-১৯ ৰ সংক্ৰমণৰ পৰৱৰ্তী স্বাস্থ্যজনিত জটিলতাত ভুগি মহানগৰীৰ হেল্থ চিটী হাস্পতালত চিকিৎসাধীন জুবলী বৰুৱা।

জানিব পৰা মতে, বিগত ৫ দিন ধৰি চিকিৎসালয়খনত চিকিৎসাধীন হৈ আছে জুবলী বৰুৱা।

ভাইৰেল নিউমনিয়াতাে ভুগিছে জুবলী।

অৱশ্যে জুবলীৰ স্বাস্থ্য সুস্থিৰ বুলি প্ৰকাশ কৰিছে চিকিৎসকে।

ইপিনে, এনে স্বাস্থ্যজনিত কাৰণতে জুবলীৰ পূৰ্ব নিৰ্ধাৰিত সকলাে সাংস্কৃতিক অনুষ্ঠান বাতিল কৰা হৈছে।

Leave a Comment