হঠাতে খেতি পথাৰত সৃষ্টি হ’ল ৩০০ ফুট বহল প্ৰকাণ্ড গাঁত! তীব্ৰ কৌতূহল

নিউজ ডেস্ক। এক আচৰিত ঘটনা। হঠাৎ খেতি পথাৰৰ মাজত সৃষ্টি হ’ল এক প্ৰকাণ্ড গাঁত।

দৃশ্যটো বন্দী হ’ল কেমেৰাত। এই অস্বাভাৱিক ঘটনাক লৈ সৃষ্টি হৈছে তীব্ৰ কৌতূহলৰ।

৩০০ ফুট বহল সেই গাঁতৰ দৃশ্য দেখা পোৱা গ’ল মেক্সিকোৰ পুৱেবলা ৰাজ্যৰ ছান্টা মাৰিয়া জাকাটাপটাক নগৰৰ সমীপত।

বৰ্তমান গাঁতটো সম্পূৰ্ণ পানীৰে ভৰি আছে আৰু ক্ৰমান্বয়ে খহি খহি ই বিশাল আকাৰৰ ৰূপ লৈছে। যাৰ ফলত গাঁতটোত নিকটৱৰ্তী ঘৰ-বাৰী সোমাই পৰাৰ উপক্ৰম হৈছে।

প্ৰথম অৱস্থাত এই গাঁতটোৱে ৰূপ লৈছিল ৫ গজ আকাৰত। বৰ্তমান ইয়াৰ আকাৰ হৈছেগৈ ৭৫ গজ। আৰু দৈনিক এই গাঁতৰ আকাৰ বৃদ্ধি পায় গৈয়েই আছে। শনিবাৰৰ পৰা এই গাঁতৰ দৃশ্য সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।

আতংকিত স্থানীয় লোক গোট খাইছে গাঁতটোৰ চাৰিও দিশে আৰু কি কাৰণত সেই ঠাইত এই গাঁতৰ সৃষ্টি হল তাক লৈ কৌতূহল সৃষ্টি হৈছে সকলোৰে মাজত।

ৰাজ্যখনৰ ৰাজ্যপাল মিগুৱেল বাৰ্বুচাই সংবাদ মাধ্যমক জনোৱা অনুসৰি, “ই এক বৃহৎ সাৱধানতাৰ বিষয়। কি কাৰণত এই বৃহৎ গাঁতৰ সৃষ্টি হৈছে আৰু কিয় ইমান বিশালতালৈ গতি কৰিছে সেই সন্দৰ্ভত কেইবাটাও পৰ্যায়ৰ তদন্ত আৰম্ভ হৈছে। ই যাতে জীৱন ধ্বংসৰ কাৰণ হব নোৱাৰে, সেই উদ্দেশ্যেৰে গাঁতটোৰ ওচৰলৈ মানুহ যাব নোৱাৰাকৈ ৰছীৰে বেৰিকেড নিৰ্মাণ কৰি দিয়া হৈছে। মই স্থানীয় সকলোকে অনুৰোধ জনাও যে ই এক ভৌতিক কাৰণ। ই ডাঙৰ বিপৰ্যয় সৃষ্টি কৰিব পাৰে। গতিকে সকলোৱে সাৱধানতা লোৱাটো অতি জৰুৰী।”

উল্লেখ্য যে গাঁতটোৰ কাষত বিপদসংকুল অৱস্থাত থকা ঘৰটোৰ বাসিন্দাই প্ৰশাসনক তেওঁলোকক উদ্ধাৰ কৰি নিৰাপদ ঠাইলৈ নিবলৈ অনুৰোধ জনাইছে। তেওঁলোকে কেৱল গাঁতটোৰ পৰা ধুমুহাৰ দৰে শব্দহে শুনি থাকিবলৈ পোৱা বুলি জানিবলৈ দিয়ে। বৰ্তমানলৈকে এই গাঁতৰ সৃষ্টিৰ কাৰণ জানিব পৰা হোৱা নাই।

লগতে চাওকঃ

হাস্পতালত স্বামী-শাহু আৰু শহুৰ, ক’ভিড-১৯ত মৃত শিক্ষয়িত্ৰীৰ শেষকৃত্য সম্পন্ন কৰিলে প্ৰশাসনে

আৰক্ষী বিষয়াৰ পৰিয়ালক কঢ়িওৱা বাহনৰ ওপৰত খহি পৰিল পাহাৰ, নিহত ২-আহত ২

Leave a Comment