হঠাতে ৰাজনীতিৰ পৰা সন্যাস ল’লে বিজেপি সাংসদ বাবুল সুপ্ৰিয়ই…

নিউজ ডেস্ক। যোৱা কিছুদিন চলি থকা জল্পনা-কল্পনাই অৱশেষত সত্য প্ৰমাণিত হ’ল।

ফেচবুকত প’ষ্ট কৰি পশ্চিম বংগৰ বিজেপি সাংসদ তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী বাবুল সুপ্ৰিয়ই জনাই দিলে তেওঁ ৰাজনীতিৰ পৰা বিদায় লোৱাৰ কথা।

বিজেপিৰ দলীয় সূত্ৰ অনুসৰি শনিবাৰেই সাংসদ পদ ত্যাগ কৰিব পাৰে সুপ্ৰিয়ই।

অৱশ্যে তেওঁ এই কথা স্পষ্ট কৰি দিছে যে তৃণমূল কংগ্ৰেছ বা আন কোনো দললৈ নাযায় তেওঁ।

তেওঁ এই কথাও কয় যে ৰাজনীতি নকৰাকৈয়ো যে সমাজ সেৱা কৰিব পাৰি সেই কথা তেওঁ বুজিব পাৰিছে।

বৰ্তমান আসানসোল সমষ্টিৰ সাংসদ বাবুল। বিধানসভা নিৰ্বাচনত টালিগঞ্জৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াই ভোট যুদ্ধত পৰাজিত হৈছিল তেওঁ।

উল্লেখ্য যে কিছুদিন পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰীসভাৰ পৰা বাদ পৰিছিল বাবুল। তাৰ পিছতেই তেওঁ সামাজিক মাধ্যমত কৰা কেইটামান প’ষ্টৰ পৰা তেওঁ ৰাজনীতি ত্যাগ কৰিব বুলি সন্দেহ কৰা হৈছিল।

বহুতেই কৰিছিল জল্পনা-কল্পনা। আৰু শেষত সেই জল্পনাই সত্য হ’ল। বাবুল সুপ্ৰিয়ৰ ফেচবুক প’ষ্টে এতিয়া পশ্চিম বংগৰ ৰাজ্যিক বিজেপি আৰু কেন্দ্ৰীয় নেতৃত্বক অস্বস্তিত পেলোৱাটো নিশ্চিত।

শনিবাৰে বাবুল সুপ্ৰিয়ই ফেচবুক প’ষ্টত লিখে, “চালাম, বিদায়। সকলোৰে সকলো কথা শুনিলো- দেউতা, মা, পত্নী, কন্যা, দুই এজন বন্ধু-বান্ধৱ। সকলোৰে কথা শুনি যিটো অনুভৱ হ’ল তাকে কলো। আন কোনো দললৈ নাযাওঁ। মোৰ কিছু কথাই আপোনালোকক আশা দিব, কিছুৱে নিৰাশা কৰিব। ………”

বাবুলে অৱশ্যে দাবী কৰে যে, যোৱা কিছুদিন তেওঁ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিজেপিৰ সৰ্ব ভাৰতীয় সভাপতি জেপি নাড্ডাক লগ কৰোতে এনে সিদ্ধান্ত লোৱাৰ পৰা তেওঁক বিৰত থাকিবলৈ আহ্বান জনাইছিল। কিন্তু এইবাৰ তেওঁলোকৰ ওচৰ নোযোৱাকৈ তেওঁ ফেচবুকযোগে চূড়ান্ত সিদ্ধান্তৰ কথা ঘোষণা কৰে।

Leave a Comment