হঠাৎ খং উঠিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ! ধমক দিলে জিলা উপায়ুক্তক

নিউজ ডেস্ক। নগাঁৱত হঠাৎ খং উঠিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। খঙৰ ভমকত জিলা উপায়ুক্তক ওচৰলৈ মাতি ধমকো দিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। মুখ্যমন্ত্ৰীৰ এই খং দেখি তবধ মানিলে সকলোৱে।

দৰাচলতে শনিবাৰে কেইবাটাও কাৰ্যসূচী হাতত লৈ নগাঁৱত উপস্থিত হৈছিল মুখ্যমন্ত্ৰী ডঃ শৰ্মা। নগাঁও চহৰৰ কেবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ পিছত তেওঁ মৃত্যুঞ্জয় মন্দিৰ দৰ্শনৰ বাবে যায়।

ইফালে মুখ্যমন্ত্ৰীৰ আগমনক লৈ তৎপৰ হৈ পৰিছিল জিলা প্ৰশাসন। ৰাজপথেৰে যাওঁতে যাতে মুখ্যমন্ত্ৰীগৰাকী কোনো যান-জঁটৰ সন্মুখীন হব লগা নহয় তাৰ বাবে বিশেষ দৃষ্টি ৰাখিছিল জিলা প্ৰশাসনে।

কিন্তু আৰক্ষী-প্ৰশাসনৰ এই তৎপৰতা হিতে বিপৰীত হে হল। মুখ্যমন্ত্ৰীৰ পৰৱৰ্তী কাৰ্যসূচী আছিল বঢ়মপুৰ সমষ্টিৰ গোমোঠা গাঁৱৰ এটা নৱ নিৰ্মিত পথ উদ্বোধন।

এই কাৰ্যসূচীৰ বাবে মুখ্যমন্ত্ৰীৰ কনভয় আগবঢ়াৰ সময়তে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰত্যক্ষ কৰে যে তেওঁৰ কনভয় যোৱাৰ বাবে আন আন যাত্ৰী আৰু বাহন সমূহ প্ৰায় ২০ মিনিট সময় আৱদ্ধ কৰি ৰাখিছে জিলা প্ৰশাসনে।

এই দৃশ্য দেখিয়েই খঙত জ্বলি উঠে মুখ্যমন্ত্ৰীগৰাকী। জিলা উপায়ুক্ত নিচাৰ্গ হিৱাৰেক ওচৰলৈ মাতি আনি মুখ্যমন্ত্ৰীয়ে হিন্দীতে কয়, “আৰে ডিচি চাহাব, য়ে ক্যা নাটক হ্যে? কিউ গাড়ী ৰুকাকৰ ৰখা হোৱা হ্যে? কই ৰাজা-মহাৰাজা আয়ে হ্যে ক্যা? ধেইট!! এইছা মত কৰো আগে।” ( ডিচি চাহাব, এইয়া কি নাটক চলি আছে? গাড়ী কিয় ৰখোৱা হৈছে? আগলৈ এই নকৰিব।)

দৰাচলতে মুখ্যমন্ত্ৰীয়ে সেই স্থানত আৰক্ষী অধীক্ষকগৰাকীক বিচাৰিছিল যদিও সেই সময়ত জিলা উপায়ুক্ত গৰাকী উপস্থিত হোৱাত তেৱেঁই মুখ্যমন্ত্ৰীৰ পৰা ধমক খাবলগীয়া হয়।

উল্লেখ্য যে, ভিআইপি, ভিভিআইপিৰ কনভয় পাৰ কৰাৰ নামত সাধাৰণ জনতাক ৰাজপথত ঘণ্টাৰ পিছত ঘণ্টাধৰি ৰখাই থোৱাটো বৰ্তমানৰ সময়ত তেনেই সহজ ঘটনা হৈ পৰিছে।

তেনে পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নগাঁৱত তেওঁৰ কনভয়ৰ বাবে সাধাৰণ যাত্ৰীক হাৰাশাস্তি কৰা জিলা প্ৰশাসনক ধমক দিয়াৰ এই ঘটনাই সময় পৰিবৰ্তনৰ এক ইতিবাচক ইংগিত প্ৰদান কৰা বুলি কব খোজে অনেকে।

Leave a Comment