হাইস্কুল শিক্ষান্ত-হাই মাদ্ৰাছাৰ পৰীক্ষা স্থগিত ৰখাৰ ঘােষণা ছেবাৰ, জাননী প্ৰকাশ

নিউজ ডেস্ক। অৱশেষত ৰাজ্যত জটিল ৰূপ ধাৰণ কৰা ক’ভিড পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত স্থগিত কৰা হ’ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ লগতে হাই মাদ্ৰাছা পৰীক্ষা।

উল্লেখ্য যে অহা ১১ মে’ৰ পৰা এই পৰীক্ষা অনুষ্ঠিত হােৱাৰ কথা আছিল।

অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ সচিব সুৰঞ্জনা সেনাপতিয়ে স্বাক্ষৰ কৰা এক বিভাগীয় নিৰ্দেশনাত এই বিষয়ে উল্লেখ কৰা হৈছে।

জাননীত উল্লেখ কৰা অনুসৰি, ৰাজ্যৰ শেহতীয়া ক’ভিড জনিত পৰিস্থিতিৰ পৰিপ্ৰেক্ষিততে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

পৰৱৰ্তী সময়ত স্বাস্থ্য বিভাগৰ সৈতে আলােচনাৰ পাছত পৰীক্ষাৰ নতুন তাৰিখ ঘােষণা কৰা হ’ব বুলি জাননীখনত প্ৰকাশ। এই নিৰ্দেশনা টুইট কৰিছে ডঃ হিমন্ত বিশ্ব শৰ্মাই।

উল্লেখ্য যে ৰাজ্যৰ ক’ভিড জনিত পৰিস্থিতিৰ মাজতে পৰীক্ষা অনুষ্ঠিত কৰাক লৈ শংকিত হৈ পৰিছিল শিক্ষাৰ্থীৰ লগতে অধিকাংশ অভিভাৱক সকল।

তেনে পৰিপ্ৰেক্ষিতত ছেবাৰ এই সিদ্ধান্তক আদৰণী জনাইছে শিক্ষাৰ্থী তথা অভিভাৱকসকলে।

Leave a Comment