‘হাফ পেণ্ট’ পিন্ধি কাৰ্যালয়লৈ নাহিব! ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত জাননী

নিউজ ডেস্ক। পুনৰ চৰ্চাত হাফ পেন্ট। অৱশ্যে এইবাৰ কােনাে পৰীক্ষা কেন্দ্ৰক লৈ নহয়, ৰাজহ চক্ৰ বিষয়াৰ জাননীৰ পিছতহে চৰ্চিত হৈছে হাফ পেন্ট।

উল্লেখ্য যে চৰাইদেউ জিলাৰ সাপেখাতীৰ ৰাজহ চক্ৰৰ কাৰ্য্যালয়ত আঁৰি থোৱা এখন বিশেষ জাননীয়ে এতিয়া সৰ্বত্ৰে চৰ্চাৰ কাৰণ হৈ পৰিছে।

কাৰ্য্যালয়ৰ বেৰত আঁৰি থোৱা জাননীত উল্লেখ কৰা আছেঃ কাৰ্যালয়ৰ শিষ্টাচাৰ নীতি অনুসৰি এই কাৰ্যালয়ত ‘হাফ পেণ্ট’ পৰিধান কৰি নাহিবলৈ অনুৰোধ জনােৱা হ’ল।

photo-2021-09-25-13-41-35

এই নিৰ্দেশনা জাৰী কৰিছে সাপেখাতীৰ ৰাজহ চক্ৰ বিষয়াই।

উল্লেখযোগ্য যে কিছুদিনৰ পূৰ্বে তেজপুৰ কৃষি বিশ্ববিদ্যালয়ত এটা বিশেষ পৰীক্ষাৰ বাবে এগৰাকী পৰীক্ষাৰ্থীয়ে ‘হাফ পেণ্ট’ পৰিধান কৰাক লৈ সৃষ্টি হৈছিল তীব্ৰ বিতৰ্ক।

তাৰ পিছতেই চৰাইদেউ জিলাৰ সাপেখাতী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্য্যালয়ত আঁৰি থোৱা এই বিশেষ জাননীখনে এতিয়া চৰ্চা লাভ কৰিছে সামাজিক মাধ্যমত।

Leave a Comment