হাস্পতালত চিটি স্কেনৰ নামত ৰোগীৰ পৰা উৎকোচ বিচাৰি গ্ৰেপ্তাৰ ২ কৰ্মচাৰী, কৰা হ’ল নিলম্বনো

নিউজ ডেস্কঃ ৰোগীৰ চিটি স্কেনৰ নামত উৎকোচ বিচাৰি নিলম্বিত হ’বলগীয়া হ’ল লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ দুগৰাকী কৰ্মচাৰী। এই ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে সমগ্ৰ লখিমপুৰত।

জানিব পৰা মতে, লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত চিটি স্কেন কৰা ‘স্পন্দন’ নামৰ সংস্থাটোৰ দুগৰাকী কৰ্মচাৰীয়ে দুগৰাকী ৰোগীৰ পৰা চিটি স্কেনৰ নামত ১৬শ টকাকৈ বিচাৰিছিল। এই ঘটনা পোহৰলৈ অহাৰ পিছতে নিলম্বন কৰা হৈছে ধৈৰ্য বুঢ়াগোঁহাই আৰু টুলটুল দাস নামৰ কৰ্মচাৰী দুজনক।

বাতৰি অনুসৰি, মহাবিদ্যালয়খনৰ মেডিচিন ৱাৰ্ডত চিকিৎসাধীন হৈ আছিল নাৰায়ণপুৰৰ জৰাবাৰীৰ উর্মিলা দাস আৰু বিহপুৰীয়া নাহৰআটী থানৰ হেমলতা দাস নামৰ ৰোগী দুগৰাকী। দেওবাৰে চিকিৎসকে দুয়োজন ৰোগীক চিটি স্কেন কৰিবলৈ দিয়াত তেওঁলোকে চিটি স্কেন কৰিবলৈ যায় যদিও কৰ্মচাৰী টুলটুল দাস আৰু ধৈৰ্য বুঢ়াগোহাঁইয়ে ধন দাবী কৰে।

মহাবিদ্যালয়খনত চিটি স্কেন বিনামূলীয়া হোৱা স্বত্বেও এনেদৰে উৎকোচ বিচৰাত হতভম্ব হৈ পৰে দুয়োগৰাকী ৰোগীৰ পৰিয়াল। কিন্তু উপায় নাপাই তেওঁলোকে ধন দিবলগীয়া হয়। কিন্তু এগৰাকী ৰোগীৰ পৰিয়ালে এই বিষয়টো সংবাদ মাধ্যমত জনাব বুলি কোৱাৰ পিছতে কৰ্মচাৰী দুজনে টকাখিনি ঘূৰাই দিয়ে।

ইফালে এই ঘটনা পোহৰলৈ অহাৰ পিছতে নিলম্বন কৰা হয় দুয়োজন কৰ্মচাৰীক। অন্যহাতে ঘটনা সন্দৰ্ভত আৰক্ষীয়েও এক গোচৰ ৰুজু কৰি ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে দুয়োজন কৰ্মচাৰীক।

প্ৰণিধানযোগ্য যে, লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত তেজ যোগান ধাৰৰ নামতো একাংশ চিকিৎসা কৰ্মচাৰীয়ে ৰোগীৰ পৰিয়ালৰ পৰা উৎকোচ বিচৰাৰ অভিযোগ উত্থাপন হৈ আহিছে।