হাস্পতালত স্বামী-শাহু আৰু শহুৰ, ক’ভিড-১৯ত মৃত শিক্ষয়িত্ৰীৰ শেষকৃত্য সম্পন্ন কৰিলে প্ৰশাসনে

নিউজ ডেস্ক। ক’ভিড-১৯ত ধ্বংস হ’ল আন এটা সুখী পৰিয়াল।

নগাঁও জিলাৰ হাতীচোং মৌজাৰ অন্তৰ্গত চকলাঘাট দৰঙীয়াল গাঁৱৰ কৃতী শিক্ষয়িত্ৰী মালবিকা শইকীয়া (৩৬)ৰ প্ৰাণ কাঢ়ি নিলে কাল কােৰােনাই।

উল্লেখ্য যে মৃত্যুৰ সময়ত ৬ মাহৰ অন্তঃসত্ত্বা আছিল শিক্ষয়িত্ৰীগৰাকী।

জানিব পৰা মতে, ক’ভিড আক্ৰান্ত হোৱাৰ পাছত দুদিন পূৰ্বে শিক্ষয়িত্ৰীগৰাকীক তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰা হৈছিল। কিন্তু চিকিৎসকৰ অশেষ চেষ্টাৰ পিছতো শুকুৰবাৰে নিশা শেষ নিশ্বাস ত্যাগ কৰে।

শৈক্ষিক জীৱনত প্ৰচুৰ মেধাসম্পন্ন মালৱিকা শইকীয়াই গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ৰাজনীতি বিজ্ঞানৰ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি শিক্ষয়িত্ৰীৰূপে কৰ্মৰত আছিল।

চকলাঘাট অঞ্চলৰ ৰাস আৰু বিহুৰ প্ৰতিভাৱান শিল্পী আছিল তেওঁ। ইফালে তেওঁক চিকিৎসালয়লৈ নিয়া স্বামী দীপু ভূঞায়ো ক’ভিডত আক্ৰান্ত হোৱাত শুকুৰবাৰে বিয়লি দীপু ভূঞায়ো তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালতে চিকিৎসাধীন হয়।

ইয়াৰ লগতে দীপু ভূঞাৰ পিতৃ-মাতৃ তথা মালৱিকা শইকীয়াৰ শহুৰ-শাহু দুয়োকে কালি ক’ভিড পৰীক্ষাত পজিটিভ হোৱাত ক’ভিড কেয়াৰ কেন্দ্ৰত ভৰ্তি হ’বলগা আন এক পৰিস্থিতিৰ উদ্ভৱ হয়।

পৰিয়ালটোৰ সকলো সদস্য ক’ভিডত আক্ৰান্ত হোৱাৰ পাছত শনিবাৰে শােণিতপুৰ জিলা প্ৰশাসনে মালবিকা শইকীয়াৰ শেষকৃত্য তেজপুৰতে সম্পন্ন কৰে বুলি জানিব পৰা গৈছে।

সকলোৰে মাজত ’সীমা’ নামেৰে পৰিচিত অতি অমায়িক, মৰমীয়াল আৰু শান্ত প্ৰকৃতিৰ শিক্ষয়িত্ৰীগৰাকীৰ এনে অকাল মৃত্যুত বৃহত্তৰ অঞ্চলজুৰি গভীৰ শোক ছাঁ পৰিছে।

মৃত্যু সময়ত তেওঁ স্বামীসহ শহুৰ-শাহু, মাতৃ, তিনি জ্যেষ্ট ভাতৃক এৰি থৈ গৈছে।

Leave a Comment