হিমন্তলৈ শুভেচ্ছা-সৰ্বানন্দক প্ৰশংসা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মােদীৰ

নিউজ ডেস্ক। সােমবাৰে অসমৰ পঞ্চাদশ মুখ্যমন্ত্ৰী হিচাপে শপত ল’লে ডঃ হিমন্ত বিশ্ব শৰ্মাই।

বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাকে ধৰি উত্তৰ পূবৰ কেবাখনাে ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ লগতে বহু বিশিষ্ট ব্যক্তিৰ উপস্থিতিত দিনৰ ১২ বজাত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হ’ল শপত গ্ৰহণ অনুষ্ঠান।

ৰাজ্যপাল পােঃ জগদীশ মুখীয়ে ডঃ হিমন্ত বিশ্ব শৰ্মাক শপত বাক্য পাঠ কৰায়। ইয়াৰ লগতে শপত লয় ১১ জনকৈ মন্ত্ৰীয়ে।

ডঃ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছতে টুইটাৰত শুভেচ্ছা জনায় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মােদীয়ে। মােদীয়ে টুইটত কয় ”হিমন্ত বিশ্বই অসমৰ উন্নতীক অতি ত্বৰান্বিত কৰাৰ লগতে অসমৰ জনসাধাৰণৰ আশা-আকাঙ্খা পূৰণ কৰিব পাৰিব বুলি মই বিশ্বাসী।”

ইপিনে, আন এক টুইটত মােদীয়ে ৰাজ্যৰ সদ্যপ্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সােণােৱালৰ বিগত ৫ বছৰীয়া কাৰ্যকালৰ ভূঁয়সী প্ৰশংসা কৰে। মােদীয়ে কয় ”মােৰ সন্মানিত সহকৰ্মী সৰ্বানন্দ সােণােৱালে জনতা আৰু উন্নয়নৰ বাবে নেতৃত্ব লৈছিল। অসমৰ উন্নতি আৰু দলক মজবুত কৰাৰ ক্ষেত্ৰত তেওঁৰ অৱদান অপৰিমেয়।”

প্ৰধানমন্ত্ৰীৰ শুভেচ্ছাৰ প্ৰত্যুত্তৰত মুখ্যমন্ত্ৰী শৰ্মাই কয় ”আমাৰ ওপৰত আস্থা প্ৰকাশ কৰাৰ বাবে নতশিৰ হৈছাঁ। আপােনাৰ অকৃপণ শুভেচ্ছাত সন্মানিত আৰু অনুগ্ৰহতি। আমি অসম আৰু উত্তৰ পূবৰ নতুন উচ্চতালৈ নিয়াৰ বাবে চেষ্টাৰ কােনাে ত্ৰুটি নাৰাখিম।”

Leave a Comment