হেলিকপ্টাৰত আহিল গৰু… দৃশ্য ভাইৰেল

নিউজ ডেস্ক। সাধাৰণতে হেলিকপ্টাৰত মানুহেই আহে। যিকোনো জৰুৰীকালীন পৰিস্থিতিত উদ্ধাৰ অভিযানৰ বাবে ব্যৱহাৰ কৰা হয় হেলিকপ্টাৰ। কিন্তু এইবাৰ দেখা গল এক ব্যতিক্ৰম দৃশ্য। য’ত হেলিকপ্টাৰত আহিল চৰণীয়া গৰু।

সাগৰ পৃষ্ঠৰ পৰা প্ৰায় ১,৯৫০ মিটাৰ (৬,৪০০ ফুট) ওপৰত উঠি আহিল গৰু। এই দৃশ্য দেখিবলৈ পোৱা গ’ল চুইজাৰলেণ্ডৰ ক্লাউচেনপাছ অঞ্চলত।

জানিব পৰা মতে, দেশৰ কেন্দ্ৰত থকা ক্লাউচেনপাছ অঞ্চলৰ পথাৰৰ পৰা প্ৰায় ১০ টা গৰু হেলিকপ্টাৰেৰে লৈ যোৱা হৈছিল।

গৰুসমূহ নিবলৈ গাইড ৰছী আৰু মেছ হাৰ্নেছ ব্যৱহাৰ কৰা হৈছিল। এই সমূহ নিয়াৰ মূল উদ্দেশ্য আছিল দেশখনৰ বাৰ্ষিক গৰু কুচকাৱাজৰ বাবে গৰুসমূহ তেনেদৰে অনা হৈছিল বুলি জানিব পৰা যায়।

LD5-AQGBB6-ZMTHAHM6-DRZKW55-VA

কৃষক জোনাছ আৰ্নল্ডে কয়, “হেলিকপ্টাৰ পৰিবহনৰ এটা কাৰণ হৈছে যে গাড়ীৰে কিছুমান চৰণীয়া ঠাইত উপস্থিত হ’ব নোৱাৰি, আৰু আনটো হ’ল কিছুমান গৰু আঘাতপ্ৰাপ্ত হয়। তেওঁলোকে একেবাৰে তললৈ খোজ কাঢ়িব যাতে নালাগে, সেয়েহে ইয়াক এনেদৰে অনা হয়।”

E90-Cvad-XEAENp-YT

তেওঁ লগতে কয়, জাকৰ সংখ্যা প্ৰায় ১০০০। সেয়েহে গোটটোৰ মাত্ৰ ১% ক তললৈ নামিবলৈ কিছু সহায় কৰি দিয়া হৈছিল। গৰুবোৰ চুইজাৰলেণ্ডৰ উৰ্ণাৰবোডেনলৈ লৈ যোৱা হৈছে আৰু তাত বাৰ্ষিক গৰু কুচকাৱাজৰ বাবে সাজু হৈছে।

Leave a Comment