হেলিকপ্টাৰ দুৰ্ঘটনাত একমাত্ৰ জীৱিত গ্ৰুপ কেপ্টেইন বৰুণ সিঙৰ মৃত্যু, ভাইৰেল তেখেতে লিখা এখন প্ৰত্ৰ

নিউজ ডেস্ক। চলিত মাহত ৮ ডিচেম্বৰত তামিলনাডুৰ কুন্নৰত সংঘটিত ভাৰতীয় বায়ু সেনাৰ হেলিকপ্টাৰ দুৰ্ঘটনাত একমাত্ৰ জীৱিত ব্যক্তি গ্ৰুপ কেপ্টেইন বৰুণ সিঙে বুধবাৰে পুৱা মৃত্যুবৰণ কৰে।

দুৰ্ঘটনাটোত ভাৰতৰ সামৰিক বাহিনীৰ প্ৰধান বিপিন ৰাৱাটসহ থিতাতে ১৩ জন লোকৰ মৃত্যু হৈছিল।

FGoecrp-WUAAA9lo

উক্ত দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হোৱা গ্ৰুপ কেপ্টেইন বৰুণ সিঙে এসপ্তাহে মৃত্যুৰে যুঁজ দি বুধবাৰে পুৱা বাংগালুৰুৰ বায়ু সেনা বাহিনীৰ কামাণ্ড হাস্পতালত ইহলীলা সম্বৰণ কৰে।

উল্লেখ্য যে গ্ৰুপ কেপ্টেইন সিঙক প্ৰথমে ৱেলিংটনৰ সামৰিক চিকিৎসালয়ত চিকিৎসা কৰা হৈছিল।

cats-6

ইপিনে, চলিত বছৰতে সৌৰ্য্য চক্ৰ বঁটাৰে সন্মানিত গ্ৰুপ কেপ্টেইন বৰুণ সিঙৰ এখন পত্ৰ শেহতীয়াকৈ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।

গ্ৰুপ কেপ্টেইন সিঙে শৌৰ্য চক্ৰ পোৱাৰ পিছত তেওঁৰ বিদ্যালয়লৈ এই পত্ৰখন লিখিছিল।

FGLus-YUUAINi83

এই ৩ পৃষ্ঠাজােৰা পত্ৰখনত তেওঁ লিখিছিল যে “শৈক্ষিক জীৱনত মধ্যমীয়া হোৱাটো একো ডাঙৰ কথা নহয়। এইটোৱেই জীৱন শিক্ষানুষ্ঠানত সকলােৱে ৯੦ৰ শাৰীত নম্বৰ লাভ নকৰিব পাৰে। এনে সফলতা প্ৰশংসনীয় যদিও আপােনাৰ ভৱিষ্যত জীৱনৰ পৰিমাপক নহয়। নিজৰ বিচাৰক নিজে হওক। আপুনি যি কাম কৰে, আপোনাৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন কৰক। কেতিয়াও আশা হেৰুৱাব নালাগে।”

FGLutq-FUUAIFU6z

ইয়াৰ উপৰি তেওঁ বিভিন্ন কথাৰে ছাত্ৰ-ছাত্ৰীসকলক অনুপ্ৰাণিত কৰিবলৈ পত্ৰখনত বহু কথা উল্লেখ কৰে।

পত্ৰখনত শেষত তেওঁ নিজৰ কেৰিয়াৰৰ উপলব্ধিৰ বাবে সকলাে শিক্ষাগুৰুলৈ কৃতজ্ঞতা জ্ঞাপন কৰে।

লগতে চাওকঃ

বায়ুসেনাৰ হেলিকপ্টাৰ দুৰ্ঘটনাত আহত গ্ৰুপ কেপ্টেইন বৰুণ সিঙৰ দেহাৱসান

Leave a Comment