১৫ ফুট গভীৰ কুঁৱাত আবদ্ধ হৈ পৰিল হাতী পোৱালি, উদ্ধাৰৰ বাবে চলিল তীব্ৰ অভিযান

নিউজ ডেস্ক। পুনৰ বিপদত পৰিল এটা বনৰীয়া হাতী পােৱালি।

বনাঞ্চলৰ সমীপতে এটা পৰিত্যক্ত কুঁৱাত আবদ্ধ হৈ পৰিল হাতী পােৱালিটাে। জীৱন্তে উদ্ধাৰৰ বাবে তৎপৰতাৰে নামি পৰিল বন বিভাগ তথা স্থানীয় লােক।

হাতী পোৱালিটােক উদ্ধাৰৰ ভিডিঅ’ সম্প্ৰতি বিয়পি পৰিছে ছ’চিয়েল মিডিয়াত।

এই ঘটনাটো শনিবাৰে সংঘটিত হৈছে উৰিষ্যাৰ ময়ুৰগঞ্জত।

ভিডিঅ’টোত দেখা অনুসৰি এটা কুঁৱাত সোমাই পৰা হাতী পোৱালি এটাক জেচিবিৰ সহায়ত উদ্ধাৰ কৰে বন বিভাগৰ দলে।

জানিব পৰা মতে, শুকুৰবাৰৰ নিশা ঘূৰি ফুৰোতে হাতী পোৱালিটো সোমাই পৰে ১৫ ফুট গভীৰ এক পৰিত্যক্ত কুঁৱাত।

শনিবাৰে পুৱা স্থানীয় লোকে কুঁৱাৰ ভিতৰত হাতীৰ মাত শুনি সেই দৃশ্য প্ৰত্যক্ষ কৰে। লগে লগেই স্থানীয় লোকে খবৰ দিয়ে বন বিভাগক। সেই অনুসৰি ঘটনাস্থলীত উপস্থিত হয়হি বন বিভাগৰ এটা দল।

উন্নত যন্ত্ৰৰ সহায়ত বন বিভাগে হাতীটো উদ্ধাৰ কৰিবলৈ চেষ্টা কৰে। লগতে এখন জেচিবিৰ সহায়ত কুঁৱাটো বহলকৈ খান্দে বিভাগে আৰু পদ্ধতিগত ভাৱে পোৱালিটোক ৰছীৰে বান্ধি সফলতাৰে উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

এই সন্দৰ্ভত দেওলি বনাঞ্চলৰ বনাঞ্চলিক বিষয়া ৰবি নাৰায়ন মোহন্তিয়ে কয়, “পোৱালিটো শুকুৰবাৰে নিশা সেই অঞ্চলত ঘূৰি ফুৰোতে কুঁৱাটোত সোমাই পৰে। পোৱালিটো সেই অঞ্চলত ঘূৰি ফুৰাৰ খবৰ আমি লাভ কৰিছিলো। আমি লগে লগেই ঘটনাস্থলীলৈ আহো আৰু স্থানীয় অগ্নি নিৰ্বাপক বাহিনীৰ সহযোগত হাতী পোৱালিটো উদ্ধাৰ কৰো।”

লগতে চাওকঃ

ATM ৰ কােঠালিত ভিতৰত অধ্যয়ন নিৰাপত্তা ৰক্ষীৰ, IAS বিষয়াৰ প্ৰেৰণাদায়ক ফটাে ভাইৰেল

Leave a Comment