১৮੦ খন আসন থকা বিমানত বিনামূলীয়াকৈ আৰবলৈ যাত্ৰা ৩ প্ৰবাসী ভাৰতীয়ৰ

নিউজ ডেস্ক। আপুনি বিমানত কৰবালৈ গ’লে নিশ্চয়কৈ যথেষ্ট ধন খৰচ কৰিব লাগে।

কিন্তু এইবাৰ ভাৰতৰ এটা তিনিজনীয়া পৰিয়ালে বিনা পইছাৰে গ’ল বিমানত। তাকো বিদেশলৈ। অৰ্থাৎ আৰবলৈ।

যিয়ে হাইদৰাবাদৰ পৰা চাৰজাহলৈ বিমানত গল বিনা পইছাৰে। আৰু বিমানখনত গ’ল মাত্ৰ পৰিয়ালটোৰ তিনিজন সদস্য।

যেন সেইখন তেওঁলোকৰ ব্যক্তিগত বিমানহে।

এই পৰিয়ালটো হ’ল আৰবৰ ডাঃ ইছমাইল হেলথ কেয়াৰ গ্ৰুপৰ শিশুৰোগ বিভাগৰ চিকিৎসক ডাঃ হৰিথা পটো আৰু তেওঁৰ স্বামী তথা মহিন্দ্ৰা টেকৰ প্ৰধান শ্ৰীনিবাস ৰেড্ডী আৰু তেওঁলোকৰ পুত্ৰ সঞ্জিত ৰেড্ডী। যিয়ে ১৮০ জন যাত্ৰী যোৱা বিমানৰ অকলেই হল যাত্ৰী।

জানিব পৰা মতে, যোৱা ১৮ এপ্ৰিলত চিকিৎসক গৰাকীৰ পিতৃৰ শেষকৃত্যৰ অনুষ্ঠানত উপস্থিত হ’বলৈ ভাৰতলৈ আহিছিল পৰিয়ালটো। কিন্তু কোৰোনা পৰিস্থিতিৰ বাবে ২৪ এপ্ৰিলত ভাৰতলৈ বিমান সেৱা ব্যাহত কৰিছিল আৰবৰ চৰকাৰে।

যাৰ ফলত বিগত তিনিমাহ দিন পৰিয়ালটো আৱদ্ধ হৈ পৰে ভাৰতত। কিন্তু যোৱা মাহত তেওঁলোকে খবৰ লাভ কৰে যে আৰবত হেলথ কেয়াৰ গ্ৰুপৰ সৈতে জড়িত চিকিৎসক আৰু নাৰ্ছৰ বাবে বিনামূলীয়াকৈ বিমান সেৱা আৰম্ভ কৰিছে।

যিসকল চিকিৎসক নাৰ্ছ আৰবৰ বাহিৰত আৱদ্ধ হৈ আছে তেওঁলোকক পুনৰ ঘূৰাই নিব এয়াৰ আৰবীয়া বিমান কৰ্তৃপক্ষই।

ইয়াৰ পিছতেই পৰিয়ালটোৱে যোগাযোগ কৰে এয়াৰ আৰবীয়া বিমান কৰ্তৃপক্ষৰ সৈতে।

সেই অনুসৰি ৩ আগষ্টৰ দিনা ১৮০ আসন যুক্ত এয়াৰ আৰবীয়াৰ এখন বিশেষ বিমানেৰে পৰিয়ালটোক লৈ যোৱা হয় আৰবলৈ। আনকি পৰিয়ালটোৰ দীৰ্ঘ ম্যাদী গল্ডেন ভিচা নথকা সত্বেও তেওঁলোকক লৈ যায় আৰবলৈ।

এই সন্দৰ্ভত শ্ৰী নিবাস ৰেড্ডীয়ে কয় যে, “আমি এয়াৰ আৰবীয়া কৰ্তৃপক্ষক আমাৰ দ্বিতীয় ঘৰলৈ ঘূৰাই নিবলৈ অনুৰোধ জনাইছিলো। তেতিয়া এয়াৰ আৰবীয়াই আমাক জনায় যে সংযুক্ত আৰবত চিকিৎসকৰ প্ৰয়োজন হৈছে গতিকে তেওঁলোকে হাইদৰাবাদৰ পৰা আমাক লৈ যাব। আমাক ঘূৰাই নিবৰ বাবে এয়াৰ আৰবীয়া এয়াৰলাইনছে সকলো চৰকাৰী অনুমতি আৰু বিধি ব্যৱস্থাৰ সম্পাদন কৰিছিল।”

Leave a Comment