২২ বছৰ পূৰ্বে টিকটৰ নামত ২০ টকা বেছি লৈছিল ৰে’ল বিভাগে, এতিয়া ১৫ হাজাৰ টকা যাত্ৰীক ওভতাই দিয়াৰ নিৰ্দেশ আদালতৰ

নিউজ ডেস্কঃ ২২ বছৰ পূৰ্বে এজন ৰে’লযাত্ৰীৰ টিকটৰ নামত ২০ টকা অতিৰিক্তভাৱে লৈছিল ৰে’ল বিভাগে। তাৰ পৰিণতিত এতিয়া ১৫ হাজাৰ টকা সেই ব্যক্তিজনক ঘূৰাই দিবলগীয়া হ’ল ৰে’ল বিভাগে।

শেহতীয়াকৈ ২২ বছৰ পুৰণি এটা গোচৰৰ ৰায়দান কৰি ন্যায়ালয়ে ৰে’ল বিভাগক ১৫ হাজাৰ টকা ঘূৰাই দিয়া নিৰ্দেশে সামাজিক মাধ্যমতো লাভ কৰিছে ব্যাপক চৰ্চা।

দৰাচলতে ১৯৯৯ চনৰ ২৫ ডিচেম্বৰত উত্তৰ প্ৰদেশৰ মুৰাদাবাদলৈ দুটা ৰে’ল টিকট ক্ৰয় কৰিছিল তুংনাথ চতুৰ্বেদী নামৰ এজন যাত্ৰীয়ে। সেই সময়ত মুৰাদাবাদলৈ প্ৰতিটো টিকটৰ মূল্য আছিল ৩৫ টকা। কিন্তু ৰে’ল বিভাগে ব্যক্তিজনৰ দুটা টিকটৰ বাবদ ৯০ টকা ৰাখিছিল।

এই সময়ত পৰৱৰ্তী সময়ত তুংনাথ চতুৰ্বেদীয়ে ৰে’ল বিভাগত অৱগত কৰে যদিও বিষয়টো তেওঁলোকে গুৰুত্ব সহকাৰে নোলোৱাত নিজেই ন্যায়ালয়ৰ দাৰস্থ হয় পেছাত অধিবক্তা তুংনাথ চতুৰ্বেদীয়ে।

১৯৯৯ চনতে আদালতত তৰা গোচৰৰ শেহতীয়া ৰায়দান কৰি উত্তৰ প্ৰদেশৰ এখন আদালতে এমাহৰ ভিতৰত ব্যক্তিজনক ১৫ হাজাৰ টকা ঘূৰাই দিবলৈ ৰে’ল বিভাগক নিৰ্দেশ প্ৰদান কৰিছে। নিৰ্ধাৰিত সময়ৰ ভিতৰত এই ধন ঘূৰাই নিদিলে অতিৰিক্ত ১৫ শতাংশ সুদ ৰে’ল বিভাগে ভৰিব লাগিব বুলিও সকিয়াই দিছে আদালতে।

সুদীৰ্ঘ ২২ বছৰৰ পিছত এই গোচৰৰ ৰায়দানত আনন্দ ব্যক্ত কৰে তুংনাথ চতুৰ্বেদীয়ে। তেওঁ কয় যে এই গোচৰটো তৰাৰ সময়ত বহুতে তেওঁ সমালোচনা কৰিছিল। আনকি পৰিয়াল আৰু বন্ধু-বান্ধৱীয়েও গোচৰটো উঠাই ল’বলৈ তেওঁৰ ওপৰত জোৰ দিছিল।

কিন্তু বিভিন্ন জনৰ সমালোচনাকো নেওচি গোচৰটো চলাই নিছিল তুংনাথ চতুৰ্বেদীয়ে। এই গোচৰৰ আদালতত চলি থকাৰ সময়ত তেওঁ এশ বাৰতকৈ অধিক বাৰ শুনানিৰ সময়ত আদালতত উপস্থিত হ’বলগীয়া হৈছিল। কিন্তু অৱশেষত ২২ বছৰৰ পিছত হ’লেও তেওঁ ন্যায় লাভ কৰিবলৈ সক্ষম হয়।

চতুৰ্বেদীয়ে কয়, “মোৰ নিজৰ ওপৰত বিশ্বাস আছিল আৰু এজন অধিবক্তা হোৱাৰ বাবে এনে পৰিস্থিতিত কি কৰিব লাগে সেই বিষয়ে মোৰ পৰ্যাপ্ত আইনী জ্ঞান আছিল। যদি ৰে’লৱেই আইনী ভাড়াতকৈ কাৰোবাক অধিক মাচুল লয়, তেনেহ’লে আমি উপভোক্তা জিলা নিষ্পত্তি মঞ্চৰ জৰিয়তে তেওঁলোকৰ বিৰুদ্ধে গোচৰ তৰিব পাৰো। আৰু মই সেয়াই কৰিছিলো। কাৰো কথাত কাণ নকৰি মই মোৰ ন্যায়ৰ পথত আগবাঢ়ি যোৱাৰ ফল আজি পাইছো।’