২৬ ঘণ্টাত এভাৰেষ্ট জয়! বিশ্ব ৰেকৰ্ড গঢ়িলে এগৰাকী শিক্ষয়িত্ৰীয়ে!

নিউজ ডেস্ক। চেষ্টাৰ অসাধ্য একাে নাই। ইচ্ছা শক্তিৰ ওচৰত সদায় হাৰ মানিবলৈ বাধ্য হয় সকলো বাধাই। যদি লক্ষ্য স্থিৰ হয়, তেন্তে সফলতা অনিবাৰ্য। তেনেদৰেই যুগে যুগে অসম্ভৱকো সম্ভৱ কৰি আহিছে বহুতে।

ঠিক তেনেদৰে এইবাৰ ২৬ ঘণ্টাতকৈয়ো অলপ কম সময়ৰ ভিতৰতে বিশ্বৰ সৰ্বোচ্চ শৃংগ মাউণ্ট এভাৰেষ্টৰ শিখৰত খোজ দি বিশ্ব ৰেকৰ্ড গঢ়িবলৈ সক্ষম হয় হংকংৰ এগৰাকী মহিলাই।

৪৪ বছৰীয়া সেই মহিলা গৰাকী পেছাত এগৰাকী শিক্ষয়িত্ৰী। বিশ্বৰ সংবাদ মাধ্যমত এই খবৰ এতিয়া বিয়পি পৰিছে।

ছাং ইন-হাং Photo Credit : Reuters

এভাৰেষ্টৰ বেছ কেম্পৰ সমন্বয়কাৰী বিষয়া জ্ঞানেন্দ্ৰ শ্ৰেষ্ঠই কয় যে- “ছাং ইন-হাং নামৰ মহিলা গৰাকীয়ে শনিবাৰে দুপৰীয়া ১ বাজি ২০ মিনিটত যাত্ৰা আৰম্ভ কৰে আৰু দেওবাৰে আবেলি ৩ বাজি ১০ মিনিটত তেওঁ সম্পন্ন কৰে চামিট। চামিট সম্পূৰ্ণ কৰোঁতে তেওঁৰ সময় লাগিল ২৫ ঘণ্টা ৫০ মিনিট। এই চামিটৰ জৰিয়তে তেওঁ এগৰাকী মহিলা হিচাপে বিশ্বৰ দ্ৰুততম সময়ত এভাৰেষ্ট জয়ৰ ৰেকৰ্ড গঢ়িলে। ছাং ইন-হাঙৰ পূৰ্বে এই ৰেকৰ্ড আছিল নেপালী মহিলা পৰ্বতাৰোহী পুঞ্জ ঝাংমু লামাৰ নামত। লামাৰ এভাৰেষ্ট আৰোহণ কৰিবলৈ সময় লাগিছিল ৩৯ ঘণ্টা ৬ মিনিট। ২০১৮ চনত এই ৰেকৰ্ড গঢ়িছিল লামাই।”

উল্লেখ্য যে, ছাং ইন-হাঙে ২০১৭ চনটো এভাৰেষ্ট জয় কৰিছিল। কিন্তু এইবাৰ তেওঁ ৰেকৰ্ড গঢ়াৰ উদ্দেশ্যে আৰোহণ কৰিছিল এভাৰেষ্ট।

সেই অনুসৰি তেওঁ নিজ উদ্দেশ্যত সফল হয়। ইয়াৰ লগে লগে তেওঁ এই প্ৰমাণ লৈ গীণিজ বুক কৰ্তৃপক্ষক আৱেদন জনোৱাৰ পিছতেই তেওঁ বিশ্ব ৰেকৰ্ডৰ স্বীকৃতি লাভ কৰিব।

Leave a Comment