৩১ ডিচেম্বৰৰ দৰেই মাঘ বিহুতো সান্ধ্য আইন শিথিল কৰক! মুখ্যমন্ত্ৰীৰ প্ৰতি আহ্বান অখিল গগৈৰ

‘৩১ ডিচেম্বৰ আৰু ১ জানুৱাৰীত চৰকাৰে শিথিল কৰিছিল সান্ধ্য আইন। এতিয়া মাঘৰ বিহুৰ উৰুকা আৰু প্ৰথম দিনটোতো চৰকাৰে সকলো বাধা নিষেধ উঠাই লব লাগে।’

ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ এই আহ্বান জনালে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে।

সাংবাদিকৰ সতে বাৰ্তালাপ কৰি অখিল গগৈয়ে কয় যে মাঘ বিহু অসমীযাৰ জাতীয় উৎসৱ।

যোৱা কিছুদিন ধৰি অসমীয়াৰ জাতীয় উৎসৱ উদযাপনত যথেষ্ট বাধা-নিষেধ আৰোপ কৰা হৈছে। কিন্তু তাৰ পৰিৱৰ্তে পূজা অথবা নৱবৰ্ষ উদযাপন ঠিক মতেই হৈছে।

কিন্তু এইবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হস্তক্ষেপ কৰি মাঘ বিহুৰ সময়ত চৰকাৰে আৰোপ কৰা সকলো বাধা নিষেধ আঁতৰ কৰাৰ আহ্বান জনায় অখিল গগৈয়ে।

উল্লেখ্য যে, শনিবাৰৰ পৰা ৰাজ্যত কাৰ্যকৰী হৈছে কোভিডৰ নতুন এছঅ’পি। ৰাজ্যত দ্ৰুত গতিত বৃদ্ধি পোৱা কোৰোনা সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি পুনৰ এবাৰ কঠোৰ কৰা হৈছে কোভিড বিধি।

নতুন এছঅ’পি অনুসৰি নিশা ১০ বজাৰ পৰা পুৱা ৬ বজালৈ বাহাল থাকিব নৈশ সান্ধ্য আইন।

আনহাতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এইবাৰ মাঘ বিহুৰ উৰুকাত নিশা ১০ বজাৰ পূৰ্বে ভোজ-ভাত খাই পুৱা ৬ বজাত মেজি জ্বলাবলৈ ৰাজ্যবাসীক আহ্বান জনায়।

মুখ্যমন্ত্ৰীৰ এই মন্তব্যৰ পিছতে বিধায়ক অখিল গগৈয়ে বিহুটো যাতে অসমীয়াই এইবাৰ ভালদৰে উদযাপন কৰিব পাৰে, তাৰ বাবে বাধা-নিষেধসমূহ শিথিল কৰাৰ আহ্বান জনায়।

Leave a Comment