৭ বছৰ বয়সতে অপহৰণ কৰিছিল পূজাক! সুদীৰ্ঘ ৯ বছৰ পিছত নিজ কন্যাক ঘূৰাই পালে পিতৃ-মাতৃয়ে

নিউজ জেস্কঃ ৯ বছৰ আগৰ কথা। তেতিয়া মাত্ৰ ৭ বছৰ বয়স পূজাৰ। দুফালে দুডাল বেণী গাঁথি ককায়েকৰ হাতত ধৰি সদায় তেতিয়া স্কুললৈ যায় পূজা। কিন্তু এদিন ককায়েকৰ সৈতে স্কুললৈ যোৱাৰ পথতেই সন্ধানহীন হৈ কণমানি ছোৱালীজনী।

পূজাক বিচাৰি নাপায় হাহাকাৰ লাগে পিতৃ-মাতৃৰ। কণমানি ছোৱালী জনীৰ সন্ধানত বাতৰি কাকতত বিজ্ঞাপন দিয়াৰ পৰা চহৰৰ চুকে কোনে পোষ্টাৰ অঁৰালৈকে সকলোখিনিয়েই কৰে পৰিয়ালটোৱে। আৰক্ষীয়ে্ও দিন-ৰাতি একাকাৰ কৰি সন্ধান চলায় পূজাৰ। কিন্তু নাই! পূজাৰ কোনো সম্ভেদ নোলাল। এদিন দুদিন কৰি বছৰ বাগৰিল। তথাপিও সন্ধান নোলাল পূজাৰ।

কন্যাক হেৰুওৱাৰ ব্যথা পিতৃ-মাতৃয়ে লাহে লাহে পাহৰি যাবলৈ আৰম্ভ কৰাৰ সময়তে সুদীৰ্ঘ ৯ বছৰ পিছত সম্ভেদ ওলাল পূজাৰ। ৭ বছৰীয়া পূজা এতিয়া এগৰাকী ১৬ বছৰীয়া কিশোৰী।

উল্লেখ্য যে, ২০১৩ চনৰ ২২ জানুৱাৰীত এহাল সন্তানহীন দম্পতীয়ে অপহৰণ কৰিছিল মায়ানগৰী মুম্বাইৰ জুহুৰ গিলবাৰ্ট অঞ্চলৰ পূজা গৌড়ক। এই ঘটনাই এতিয়া ৯টা বছৰ অতিক্ৰম কৰিছে। কিন্তু অৱশেষত পৰিয়ালৰ কাষলৈ উভতি আহিছে পূজা। নিজ কন্যাক ওভতাই পাই আনন্দত এতিয়া আত্মহাৰা হৈ পৰিছে পিতৃ-মাতৃ আৰু পৰিয়াল।

আনফালে পূজাক ৯ বছৰ পূৰ্বে অপহৰণ কৰা হেৰী ডিছ’জা আৰু ছোনী ডিছ’জা নামৰ দম্পতীহালৰ বিৰুদ্ধে বিভিন্ন ধাৰাত গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰিছে ডিএন নগৰ আৰক্ষীয়ে।

আৰক্ষীয়ে সদৰী কৰা মতে, পূজাক অপহৰণ কৰাৰ পিছতো ৯ বছৰ ধৰি পূজাৰ প্ৰকৃত পিতৃ-মাতৃৰ ঘৰৰ ওচৰতে জুহুত নিৰ্বিঘ্নে বাস কৰি আহিছিল ডিছ’জা দম্পতীহালে। কিন্তু তথাপিও তেওঁলোকৰ ওপৰত কাৰো কোনো ধৰণৰ সন্দেহ হোৱা নাছিল।

দৰাচলতে পূজাক অপহৰণ কৰাৰ পিছতে তেওঁক গোৱালৈ লৈ গৈছিল হেৰী আৰু ছোনী ডিছ’জাই। তাৰ পিছত পূজাক এখন বোৰ্ডিং স্কুলত ৰাখিছিল দম্পতীহালে। সন্তানহীন হোৱাৰ বাবেই যদিও পূজাক দম্পতীহালে অপহৰণ কৰি নিজৰ সন্তান কৰি লৈছিল, কিন্তু পৰৱৰ্তী সময়ত তেওঁলোকৰ এটা সন্তান জন্মলাভ কৰাত পূজাক বিভিন্ন ধৰণে নিৰ্যাতন চলাবলৈ আৰম্ভ কৰে।

বোৰ্ডিং স্কুলৰ পৰা পূজাক পুনৰ মুম্বাইলৈ ওভতাই একপ্ৰকাৰ গৃহবন্দী কৰি শাৰীৰিক-মানসিক নিৰ্যাতন চলাইছিল দম্পতীহালে। কিন্তু শেহতীয়াকৈ দম্পতীহালৰ ঘৰুৱা সহায়িকা প্ৰমিলা দেৱেন্দ্ৰই পূজাক অপহৰণ কৰি ৰখাৰ বিষয়ে জানিব পাৰে।

তাৰ পিছতে প্ৰমিলাই এই বিষয়ে বন্ধুৰ সহায়ত আৰক্ষীক অৱগত কৰাত অৱশেষত আৰক্ষীয়ে অভিযান চলাই পূজাক সুৰক্ষিতক্ষাৱে উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

এগৰাকী আৰক্ষী বিষয়াই জানিবলৈ দিয়া মতে, কথাৰ মাজতে এবাৰ পূজাই প্ৰমিলাৰ আগত কৈছিল তেওঁক অপহৰণ কৰা হৈছে। ইয়াৰ পিছতে প্ৰমিলাই পূজাৰ বিষয়ে সন্ধান চলাই ডিএন নগৰ আৰক্ষীক অৱগত কৰে। আৰু পিছত আৰক্ষীয়ে অভিযান চলাই উদ্ধাৰ কৰে ১৬ বৰ্ষীয় পূজা গৌড়ক।

সুদীৰ্ঘ ৯ বছৰৰ পিছত যোৱা ৫ আগষ্টত পুনৰ নিজৰ পৰিয়ালটোক কাষত পায় পূজা গৌড়ে। আনহাতে ইমান বছৰৰ মূৰত নিজ সন্তানক ওভতাই আনন্দত আত্মহাৰা হৈ পৰিছে পূজাৰ পিতৃ-মাতৃ আৰু ভাতৃ ৰোহিত। স্বাভাৱিকতে পূজাৰ জীৱনৰ সৈতে ঘটা এই ঘটনাই এতিয়া চৰ্চাও লাভ কৰিছে।