৮ ঘণ্টা জোৰা অভিযান! ১৮০ ফুট গভীৰ গাঁতৰ পৰা জীৱন্তে উদ্ধাৰ ৪ বছৰীয়া শিশু

নিউজ ডেস্ক। এক শ্বাসৰুদ্ধকৰ উদ্ধাৰ অভিযান।

প্ৰায় ১৮੦ ফুট গভীৰ গাঁতত সােমাই পৰা ৪ বছৰীয়া শিশুক উদ্ধাৰ কৰিবলৈ চলিল এই অভিযান।

অৱশেষত ৮ ঘন্টা চলা এই অভিযানৰ অন্তত জীৱন্তে উদ্ধাৰ শিশুটি।

এই ঘটনাৰ স্থান উত্তৰ প্ৰদেশৰ আগ্ৰাৰ ধাৰীয়া গাৱঁত।

সােমবাৰে পুৱা খেলি থাকোতে উন্মুক্ত ব’ৰৱেলৰ গাঁতত ১৮০ ফুট গভীৰত সোমাই পৰে এটি ৪ বছৰীয়া শিশু। আৰু ৮ ঘণ্টা জোৰা উদ্ধাৰ অভিযানত শিশুটিক জীৱন্তে উদ্ধাৰ কৰিবলৈ সক্ষম হয় এন ডি আৰ এফ বাহিনীয়ে।

জানিব পৰা মতে, পুৱা ৭:৩০ বজাত শিৱা নামৰ চাৰি বছৰীয়া শিশুটি খেলি থাকোতে সোমাই পৰিছিল গাঁতত। যিটো গাঁত কৃষিৰ পানীৰ বাবে ঘৰৰ ২০ ফুট দূৰত খন্দাইছিল শিশুটিৰ পিতৃয়ে। গাঁতটোত সংযোগ কৰা আছিল ৯ ইঞ্চি বহল ১৮০ ফুট গভীৰ পাইপ। আৰু সেই পাইপতে সোমাই পৰে শিশুটি।

অৱশ্যে এন ডি আৰ এফ বাহিনীৰ তৎপৰতাত ৮ ঘণ্টা জোৰা অভিযানৰ অন্তত আবেলিলৈ সুকলমে উদ্ধাৰ হয় শিশুটি।

ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হয়। আগ্ৰাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক মুনিৰাজ জীও উপস্থিত হয়গৈ ঘটনাস্থলীত। সমগ্ৰ উদ্ধাৰ অভিযান চলে তেওঁৰ সম্মুখত। তেওঁ কয় যে, “অধিক সাৱধানেৰে এই অভিযান চলে। শিশুটিৰ স্বাস্থ্য প্ৰতি লক্ষ্য ৰাখি চিকিৎসকো উপস্থিত থাকে। উদ্ধাৰৰ পিছতেই প্ৰাথমিক স্বাস্থ্য পৰীক্ষা কৰি স্থানীয় স্বাস্থ্য কেন্দ্ৰলৈ প্ৰেৰণ কৰা হয়। শিশুটি সুস্থ অৱস্থাতে আছে।”

এই সন্দৰ্ভত পূৱ আগ্ৰাৰ আৰক্ষী অধীক্ষক ভেংকট অশোকে কয়, “উদ্ধাৰ অভিযান আৰম্ভ হয় ৰাতিপুৱা ৯ বজাত আৰু সমাপ্ত হয় আবেলি ৪:৩০ বজাত। গাঁতটোত অক্সিজেন প্ৰেৰণৰ লগতে শিশুটিৰ বাবে অ আৰ এছ আৰু বিস্কুট দিয়া হৈছিল। শিশুটি গাঁতটোৰ ৯০ ফুটত লাগি ধৰিছিল। আমি শিশুটিৰ লগত কথা পাতি যোগাযোগ ৰাখিছিলো। ভাতৃৰ সৈতে তেওঁ তেওঁলোকৰ থলুৱা ভাষাত কথাও পাতিছিল।”

তেওঁ লগতে কয়, “এই উদ্ধাৰ অভিযানত ৩২ জন এন ডি আৰ এফ জোৱান, ৩২ জন সেনা জোৱান, ২৮ জন এছ ডি আৰ এফ জোৱান আৰু স্থানীয় প্ৰশাসন জড়িত হৈ পৰিছিল। শিশুটিক নিৰীক্ষণৰ বাবে দুটাকৈ কেমেৰা ব্যৱহাৰ কৰা হৈছিল। উদ্ধাৰৰ বাবে প্ৰথমতে গাঁততো খন্দা কথা আছিল যদিও এই প্ৰক্ৰিয়া দীঘলীয়া হব বুলি ভাবি ‘লোপ টেকনিক’ ব্যৱহাৰ কৰা হয়। যত গাঁতটোত এটা বিশেষ নট প্ৰেৰণ কৰি শিশুটিৰ বাহুত ধৰি তুলি অনা হয়।”

এন ডি আৰ এফ কৰ্তৃপক্ষই কয় যে, এনে ঘটনা প্ৰায়ে শুনিবলৈ পোৱা যায়। বেছি পৰিমাণে এনে ঘটনা সংঘটিত হবলৈ লৈছে। স্থানীয় প্ৰশাসনে পাইপ সমূহ উন্মুক্তভাৱে ৰখাৰ বাবেই এনে ঘটনা সংঘটিত হয়। সেয়েহে এনে কাৰ্যৰ লগত জড়িত দোষীক উচিত শাস্তি প্ৰদান কৰিব লাগে।

Leave a Comment