ৰাইজৰ উপাৰ্জন বৃদ্ধি পাইছে, সেয়েহে মূল্যবৃদ্ধিও যুক্তিসংগতঃ বিজেপি মন্ত্ৰী

নিউজ ডেস্ক। অত্যাৱশ্যকীয় সা-সামগ্ৰীৰ আকাশলংঘী মূল্যব্যদ্ধিত বিধ্বস্ত হৈ পৰিছে দেশৰ সকলাে স্তৰৰ জনতা।

তেনে সময়তে এই অস্বাভাৱিক মূল্যবৃদ্ধিৰ সপক্ষে বিভিন্ন যুক্তি দাঙি ধৰিছে শাসকীয় পক্ষৰ নেতাসকলে।

এইবাৰ এগৰাকী মন্ত্ৰীয়ে মূল্যবৃ্দ্ধিৰ সপক্ষে দাঙি ধৰিলে আন এক আজব যুক্তি। মন্ত্ৰীগৰাকীৰ মতে দেশৰ সকলাে স্তৰৰ জনতাৰ উপাৰ্জন বৃদ্ধি পাইছে, সেয়ে মূল্যবৃদ্ধিও গ্ৰহণযােগ্য- যুক্তিসংগত।

এই আজব যুক্তিৰে মূল্যবৃদ্ধিক সমৰ্থন জনাইছে মধ্যপ্ৰদেশৰ মন্ত্ৰী মহেন্দ্ৰ সিং চিছোদিয়াই।

এখন সংবাদমেলত মন্ত্ৰীগৰাকীয়ে কয় যে মানুহৰ উপাৰ্জন বৃদ্ধি পাইছে, সেয়েহে তেওঁলোকে মূল্যবৃদ্ধিও গ্ৰহণ কৰা উচিত।

তেওঁ প্ৰশ্ন কৰি কয়, “শেহতীয়া বছৰবোৰত সাধাৰণ মানুহৰ উপাৰ্জন বৃদ্ধি হোৱা নাই নেকি? যদি উপাৰ্জন বৃদ্ধি পাইছে আৰু আমি ইয়াক গ্ৰহণ কৰোঁ, আমি অলপ মুদ্ৰাস্ফীতিও গ্ৰহণ কৰা উচিত।”

“চৰকাৰে সকলো বোৰ বিনামূলীয়াকৈ দিব নোৱাৰে। আমাৰ সকলো উন্নয়নমূলক আঁচনি চলি আছে। সেয়েহে, ৰাইজে বুজিব লাগে যে যদি আমাৰ উপাৰ্জন বৃদ্ধি পাইছে, আমি কিছু মূল্যবৃদ্ধিও স্বীকাৰ কৰিব লাগিব আৰু সেয়া ব্যৱহাৰিক।”

“আপুনি ক’ব নোৱাৰে যে দহ বছৰ আগতে আমি ছয় হাজাৰ টকা পাইছিলো আৰু আজি আমি পঞ্চাশ হাজাৰ টকা লাভ কৰিছো, কিন্তু পেট্ৰ’লৰ লেনদেনৰ মূল্য দহ বছৰ আগৰ দৰেই হ’ব লাগে।” মন্ত্ৰীগৰাকীয়ে কয়।

বিজেপি নেতাগৰাকীয়ে কয় যে বছৰ বছৰ ধৰি প্ৰায় প্ৰতিটো শিতানতে জনসাধাৰণৰ উপাৰ্জন বৃদ্ধি পাইছে।

লগতে চাওকঃ আপােনাৰ সাপ্তাহিক ৰাশিফল

Leave a Comment