ৰাখে হৰি… নৈৰ সােঁতত উটি যোৱা বয়ােজ্যেষ্ঠ মহিলাক ২০ কিলোমিটাৰ নিলগত জীৱন্তে উদ্ধাৰ

নিউজ ডেস্ক। ৰাখে হৰি মাৰে কােনে… মাৰে হৰি ৰাখে কােনে…

নৈৰ কােবাল সােঁতত উটি গ’ল এগৰাকী বয়ােজ্যেষ্ঠ মহিলা। মহিলাগৰাকীক লৈ সৃষ্টি হ’ল এক হাহাকাৰ পৰিৱেশ।

কিন্তু সৌভাগ্যক্ৰমে ঘটনাস্থলীত পৰা সুদূৰ ২੦ কিলােমিটাৰ নিলগত জীৱন্তে উদ্ধাৰ হ’ল মহিলাগৰাকী।

এই ঘটনাৰ স্থান নলবাৰী জিলাৰ বৰমুৰিকনা। মহিলাগৰাকীৰ নাম সুবলা ডেকা। বয়স ৫৫ বছৰ।

উল্লেখ্য যে সুবলা ডেকাই পুৱাই পাগলদিয়া নৈত গা ধুবলৈ গৈ কেইবাঘণ্টা ধৰি নিৰুদ্দেশ হয়।

বিধিৰ বিপাকত পৰি নৈত প্ৰায় ২০ কিলোমিটাৰ উটি গৈও জীৱন ৰক্ষা পৰে সুবলা ডেকাৰ।

মহিলা গৰাকীক স্থানীয় ৰাইজে পাগলদিয়া নৈৰ পৰা জীৱন্তে উদ্ধাৰ কৰে।

২০ কিলেমিটাৰ নিলগৰ মুকালমুৱাৰ আদাবাৰীত উদ্ধাৰ হয় বৃদ্ধাগৰাকী।

সম্প্ৰতি মুকালমুৱা চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে সুবলা ডেকা। অৱশ্যে মহিলাগৰাকী বিপদমুক্ত বুলি প্ৰকাশ কৰিছে চিকিৎসকে।

লগতে চাওকঃ

মৰ্মান্তিক! ক’ভিড-১৯ত পিতৃ-মাতৃক হেৰুৱাই দিশহাৰা ৩ কন্যা সন্তান

Leave a Comment