ৰাখে হৰি… ব্যস্ত ৰাজপথত চলন্ত গাড়ীৰ পৰা হঠাতে বাহিৰলৈ ওলাই পৰিল কণমানি শিশু, তাৰ পিছত…

নিউজ ডেস্ক। এক ভয়ংকৰ দৃশ্য। ব্যস্ত ৰাজপথত চলন্ত গাড়ীৰ পৰা হঠাতে পৰি গল এটি শিশু। পৰি যোৱা কণমানি শিশুটোৱে উঠি লৈ দৌৰি যায় নিজৰ গাড়ীখনলৈ। অৱশ্যে কিছু দূৰতহে গাড়ী খন ৰয়গৈ।

G2

এই দৃশ্য দেখি ৰাজপথৰ সকলো যান-বাহন ৰৈ দিয়ে। বৰ্তমান এই দৃশ্য সামাজিক মাধ্যমত হৈ পৰিছে ভাইৰেল।

দৃশ্যটোত দেখা অনুসৰি, ট্ৰেফিক ছিগনেল মানি ৰৈ আছে সকলো গাড়ী। তেনেতে নীলা লাইট জ্বলাৰ বাবে যান-বাহনসমূহ লাহে লাহে যাবলৈ আৰম্ভ কৰিছে ব্যস্ত ৰাজপথটোত। তাৰ মাজতে আছে এখন SUV গাড়ী। ক্ৰমাৎ সেই গাড়ীখনো যাবলৈ আৰম্ভ কৰিছে।

কিন্তু হঠাতে গাড়ীখনৰ পিছফালৰ দৰ্জাখন খোল খাই গাড়ীৰ পৰা সৰি পৰে এটি কণমানি শিশু। অৱশ্যে গাড়ীখনৰ চালকে সেই কথা গমেই নাপাই।

দৃশ্যটো দেখি আন যান-বাহনসমূহ ৰৈ দিয়ে। কিছুদূৰ আগত গৈ সেই কথা গম পাই ৰৈ দিয়ে SUV গাড়ীখনো।

কণমানিটিয়ো উঠি লৈ থূপুক থাপাক কৈ দৌৰি যায়। এগৰাকী স্কুটি চলাই যোৱা আৰোহীয়ে ধৰি লয় শিশুটিক। আৰু SUV গাড়ীখনৰ পৰা অভিভাৱক আহি দাঙি লৈ শিশুটিক।

এই ভয়ংকৰ দৃশ্যটো দেখি সকলোৰে চকু কপালত উঠিছে। সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে এই ভিডিঅ’টো।

লগতে চাওকঃ

দুখীয়াৰ ভগৱান চনু সুদলৈ ব্যক্তিগত খণ্ডৰ বিমান কােম্পানীৰ ব্যতিক্ৰমী কৃতজ্ঞতা জ্ঞাপন!

Leave a Comment