ৰাজ্যত ৫.৫৭ শতাংশলৈ নামিল সংক্ৰমণৰ হাৰ, ৭৯ জনৰ ক’ভিড-১৯ত মৃত্যু

নিউজ ডেস্ক। ৰাজ্যৰ ক’ভিড-১৯ ভাইৰাছৰ সংক্ৰমণৰ দ্বিতীয়টাে ঢৌ নিয়ন্ত্ৰণ বাবে বলৱৎ কঠােৰ চৰকাৰী নিষেধাজ্ঞাৰ মাজতে অপেক্ষাকৃতভাৱে কিছু উন্নত হৈছে ক’ভিড পৰিস্থিতি।

ক’ভিডত দৈনিক মৃত্যু হােৱাৰ লােকৰ সংখ্যাই উদ্বেগৰ কাৰণ যদিও ক্ৰমাৎ নিম্নগামী ক’ভিডৰ সংক্ৰমণৰ হাৰে এই ক্ষেত্ৰত কিছু আশাৰ সঞ্চাৰ ঘটাইছে।

শনিবাৰে প্ৰকাশ পােৱা তথ্য অনুসৰি, ৰাজ্যত ক’ভিড-১৯ৰ সংক্ৰমণৰ হাৰ। এই হাৰ ৫.৫৭ শতাংশলৈ অৱনমিত হৈছে। শুকুৰবাৰে এই হাত আছিল ৫.৮৮ শতাংশ।

অৱশ্যে এতিয়াও ক’ভিডত দৈনিক মৃত্যুৰ সংখ্যা পূবৰ দৰেই আছে। শনিবাৰে পুনৰ ৭৯ জন ক’ভিডৰ ৰােগীৰ মৃত্যু ঘটে।

শুকুৰবাৰে দিনটােত ১,੦৩,১৫৮ জনৰ ক’ভিড পৰীক্ষা সম্পন্ন কৰাৰ বিপৰীত শনিবাৰে ৰাজ্যজুৰি ১,੦৭,৩৯৮ লােকৰ ক’ভিড পৰীক্ষা সম্পন্ন কৰা হয়।

ইয়াৰ মাজতে ৫,৯৮੦ জনক ক’ভিড পজিটিভ হিচাপে চিনাক্ত কৰা হয়। ইয়াৰ বিপৰীত ৪,৬৫৯ লােক ক’ভিড নিগেটিভ হােৱাত চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়া হয়। ইয়াকে লৈ ৰাজ্যত সম্প্ৰতি সক্ৰিয় ক’ভিড ৰােগীৰ সংখ্যা ৫৪,੦৫৮ জনলৈ বৃদ্ধি পাইছে।

নতুনকৈ চিনাক্ত হােৱা ক’ভিড-১৯ৰ ৰােগীৰ ক্ষেত্ৰত গুৱাহাটী মেট্ৰ’ জিলাত ৯੦২ জন। কাছাৰ জিলাত ৫੦২, নগাঁও জিলাত ৪২২ আৰু কামৰূপ জিলাত ৩৮৯ জনক নতুনকৈ ক’ভিড পজিটিভ চিনাক্ত কৰা হয়।

ইয়াৰ উপৰি গুৱাহাটী মেট্ৰ’ জিলাত সৰ্বাধিক ১৯ জনৰ ক’ভিডত মৃত্যু ঘটে। কামৰূপ জিলাত ৯, বৰপেটা-শােণিতপুৰ জিলাত ৬ জনকৈ, নগাঁৱত ৫, কাছাৰ-তিনিচুকীয়াত ৪ জনকৈ, নলবাৰী জিলাত ৩, দৰং-ডিব্ৰুগড়-হােজাই-শিৱসাগৰ-ওদালগুৰি জিলাত ২ জনকৈ ক’ভিড ৰােগীৰ মৃত্যু ঘটে।

ইয়াৰ উপৰি বাক্সা, বিশ্বনাথ-চৰাইদেও, চিৰাং-ধেমাজী-গােৱালপাৰা-গােলাঘাট-যােৰহাট-কােকৰাঝাৰ-লখিমপুৰ-মৰিগাঁও-কােকৰাঝাৰ-দক্ষিণ শালমাৰা মানকাচৰ আৰু পশ্চিম কাৰ্বি আংলং জিলাত ১ জনকৈ ক’ভিড ৰােগীৰ মৃত্যু হয়।

লগতে চাওকঃ

DRDO ৰ ক’ভিড প্ৰতিৰোধী ঔষধ 2DG ৰ উদ্ভাৱনৰ সৈতে জড়িত অসমৰ এগৰাকী জীয়ৰী

মুখ্যমন্ত্ৰীৰ সাহায্য পূঁজিলে ৩ লাখ টকা আগবঢ়ালে মুখ্যমন্ত্ৰীয়ে

Leave a Comment