ৰিক্সা চালকৰ জীয়ৰীয়ে অৰ্জন কৰিলে মিছ ইণ্ডিয়াৰ উপ-বিজেয়ীৰ খিতাপ!

নিউজ ডেস্ক। বুধবাৰে নিশা মুম্বাইৰ হাইট ৰিজেঞ্চিত অনুষ্ঠিত হৈছিল VLCC Femina Miss India 2020 ৰ গ্ৰেণ্ড ফিনালে।

এই সংখ্যাৰ প্ৰতিযোগিতাত উপ-বিজেতা হিচাপে নিৰ্বাচিত হ’ল এগৰাকী ৰিক্সা চালকৰ কন্যা। নাম মান্যা সিং। নিশাৰ ভিতৰতে দেশজুৰি চৰ্চিত হৈ পৰিল দৰিদ্ৰ পৰিয়ালৰ জীয়ৰী মান্যাৰ নাম, কিয়নাে এই পৰ্যায়ত উপনীত হ’বলৈ বহু ঘাত-প্ৰতিঘাতৰ সন্মুখীন হৈছিল মান্যা তথা পৰিয়ালৰ লােক।

উত্তৰ প্ৰদেশৰ মান্যই এইবাৰ লাভ কৰিলে ফেমিনা মিছ ২০২০ ৰ ৰানাৰ আপৰ খিতাপ। কিন্তু মান্যাই এই স্থান পোৱাৰ আঁৰত আছে বহুতো দুখ আৰু কষ্টৰ কাহিনী। মান্যাৰ সফলতাৰ কাহিনীয়ে এতিয়া চকু সেমেকাই তুলিছে বহুতৰে।

নিজৰ সফলতাৰ কাহিনী ইনষ্টাগ্ৰামত লিখি মান্যাই কয়, ‘মোৰ এনে বহুতো ৰাতি গৈছে, য’ত মই অনাহাৰে অনিদ্ৰাৰে কটাইছো। বহুতো দুপৰীয়া মই মোৰ যাত্ৰা পথত খোজ কাঢ়িয়েই পাৰ কৰিছো। মোৰ এই সফলতা মোৰ তেজ, ঘাম আৰু চকুপানীৰ সংমিশ্ৰণ। মোৰ দেউতা ৰিক্সা চালক হোৱাৰ বাবেই মই বিদ্যালয় যাব পৰা নাছিলো, যিহেতু মই সৰুৰে পৰাই কাম কৰিব লগা হৈছিল।

মই পঢ়িবলৈ দুৰ্বাৰ হেঁপাহ কৰিছিলো, কিন্তু মোৰ লগত সৌভাগ্য নাছিল। মোৰ আশাত চেঁচাপানী পৰিছিল। পঢ়া কালছোৱাত মোৰ পৰীক্ষাৰ বাবে মাৰ লগত থকা কম পৰিমাণৰ সকলো আ-অলংকাৰ মা-দেউতাই বন্ধকত দিছিল। মোৰ মায়ে মোৰ বাবে যথেষ্ট কষ্ট কৰিছিল।’

মান্যাই লগতে কয় যে ১৪ বছৰ বয়সত পঢ়ি থাকোতে দিনৰ ভাগত অংশকালীন হিচাপে বহু ঠাইত তেওঁ বাচন ধোৱা কাম কৰিছিল। আৰু নিশা কল চেণ্টাৰত কৰিছিল। আৰু পইচা বচাবৰ বাবেই তেওঁ ৰিক্সাৰ পৰিৱৰ্তে খোজ কাঢ়ি অহা-যোৱা কৰিছিল।

তেওঁৰ এই সফলতাই পিতৃ-মাতৃ আৰু ভাতৃৰ কষ্টক স্বীকাৰ কৰিছে বুলি জনোৱাৰ লগতে প্ৰৱল ইচ্ছা শক্তি থাকিলে জীৱনত সপোন পূৰণৰ ক্ষেত্ৰত সকলোৱেই সম্ভৱ বুলি জনায়।

লগতে চাওকঃ

৫ মহীয়া শিশুৰ বাবে আমেৰিকাৰ পৰা পৰা আমদানি কৰা ঔষধত ৬ কোটি টকাৰ কৰ ৰেহাই PMO ৰ

অসাৱধানতা! প্ৰথম মহলাৰ পৰা জাৱৰ পেলাবলৈ গৈ বিপদত পৰিল এজন লােক, CCTV কেমেৰাত বন্দী সমগ্ৰ ঘটনা

পেছাত হােটেলৰ কৰ্মচাৰী! গ্ৰাহকৰ সন্মুখত প্ৰদৰ্শিত নৃত্যৰ ভিডিঅ’ জনপ্ৰিয় হৈছে ইন্টাৰনেটত

কিশোৰ কুমাৰৰ জনপ্ৰিয় বাংলা গীত গাই জনপ্ৰিয় হ’ল নাগালেণ্ডৰ যুৱক!

Leave a Comment