ৰেলপথ পাৰ হ’বলৈ চেষ্টা কৰিছিল বৃদ্ধই, তেনেতে আহিল ৰে’ল, তাৰ পাছত…

নিউজ ডেস্ক। প্ৰায়ে মানুহে নিয়ম উলংঘা কৰি ৰেলপথ পাৰ হোৱা দেখিবলৈ পোৱা যায়।

বহুতে চমু পথেৰে যাবলৈ চেষ্টা কৰি ৰেলপথ পাৰ হয়। আন বহুলোকে আকৌ কাণত মোবাইল ফোন বা হেডফোন লগাই গান শুনি ৰেলপথ পাৰ হয়। যাৰফলত দুৰ্ঘটনাত পতিত হৈ বহু লোকৰ মৃত্যু হয়।

কিন্তু এইবাৰ এনে এক দৃশ্য দেখিবলৈ পোৱা গ’ল, য’ত এজন বৃদ্ধই ৰেলপথ পাৰ হবলৈ চেষ্টা কৰোঁতে পৰি গ’ল ৰেলপথত। সেই সময়তে আহি পালেহি ৰেল।

নিশ্চিত আছিল বৃদ্ধৰ মৃত্যু। কিন্তু চালকৰ দক্ষতাৰ বাবে সৌভাগ্যক্ৰমে ৰক্ষা পৰিল বৃদ্ধজন।

এই ঘটনা দেওবাৰৰ দুপৰীয়া সংঘটিত হয় মুম্বাইৰ কল্যাণ ৰেল ষ্টেচনত।

ঘটনা অনুসৰি, কল্যাণৰ ৰেল ষ্টেচনত এজন ৭০ বছৰীয়া বৃদ্ধ এটা প্লেটফৰ্মৰ পৰা আন এটা প্লেটফৰ্মলৈ ৰেলপথ পাৰ হৈ গৈ আছিল। কিন্তু বৃদ্ধজন হঠাতে পৰি গৈছিল ৰেলপথত। ইফালে সেই সময়তে ৰেলপথটোত আহি আছিল মুম্বাই-বাৰাণসী ৰেলখন।

বৃদ্ধজন পৰি যোৱা দেখি ৰেলখনৰ চালকে সঠিক সময়ত তাৎক্ষণিকভাৱে মাৰে ব্ৰেক। যাৰফলত বৃদ্ধজনে ৰেলৰ চেপা নোখোৱাকৈ কোনো ৰকমে ৰেলখন আহি ৰয়হি বৃদ্ধৰ ওচৰত।

অৱশ্যে, ৰে’লৰ ইঞ্জিনৰ প্ৰথম অংশৰ তলত সোমাই পৰে বৃদ্ধ। লগে লগে ৰেলৰ পৰা নামি আহে চালক। আৰু চালকে নামি আহি ইঞ্জিনৰ তলৰ পৰা উলিয়াই আনে বৃদ্ধজনক। যাৰফলত প্ৰাণ ৰক্ষা পৰে বৃদ্ধৰ। কিন্তু ৰেলখন অকণমান আগুৱাই যোৱা হেঁতেনেই মৃত্যু হলহেঁতেন বৃদ্ধজনৰ। অৱশ্যে তেওঁ শৰীৰত সামান্য আঘাত পায়।

এই ঘটনাটোৰ পিছতেই ৰে’ল মন্ত্ৰালয়ে দৃশ্যসহ টুইট কৰে। টুইটত মন্ত্ৰালয়ে সকলোকে এনে ধৰণে নিয়ম উপেক্ষা কৰি ৰেলপথ পাৰ হোৱা পৰিহাৰ কৰিবলৈ পৰামৰ্শ দিয়ে। ইয়াক এক মাৰাত্মক পদক্ষেপ বুলি অভিহিত কৰে মন্ত্ৰালয়ে।

মধ্য ৰে’লৱেৰ মতে, এই ঘটনাটো দেওবাৰে দুপৰীয়া প্ৰায় ১২.৪৫ বজাত সংঘটিত হয়। ৰেলখন থানে জিলাৰ কল্যাণ ৰেল ষ্টেচনৰ প্লেটফৰ্মৰ পৰা গৈ আছিল। ৰেলখনৰ গতি নিয়ন্ত্ৰণাধীণ আছিল আৰু চালক এছ কে প্ৰধানো অত্যন্ত সতৰ্ক আছিল। সেয়েহে বৃদ্ধজনক উদ্ধাৰ কৰিব পৰা গল। বৃদ্ধজনক হৰি শংকৰ বুলি চিনাক্ত কৰা হৈছে।

উল্লেখ্য যে ৰেল ৰখাই বৃদ্ধক উদ্ধাৰ কৰাৰ বাবে কেন্দ্ৰীয় ৰে’লৱেৰ মহা প্ৰবন্ধক আলোক কংসলে ৰেলখনৰ দুজন চালক আৰু আন কৰ্মচাৰী (CPWI) লৈ ২,০০০ টকাৰ পুৰস্কাৰ ঘোষণা কৰে।

Leave a Comment