ৰে’ল দুৰ্ঘটনাত হেৰুৱাইছিল একমাত্ৰ পুত্ৰক! তাৰ পিছতে পুনৰ দুটি যমজ সন্তানৰ পিতৃ-মাতৃ হ’ল এহাল বৃদ্ধ দম্পতী…

নিউজ ডেস্কঃ একমাত্ৰ পুত্ৰৰ মৃত্যুৰ পিছত উকা হৈ পৰা জীৱনটো পুনৰ ভৰি পৰিল এহাল বৃদ্ধ দম্পতীৰ।

পুত্ৰ শোকত ব্যথিত মনে যেন আকৌ পালে জীয়াই থকাৰ লক্ষ্য।

এইবাৰ একেলগে দুটি সন্তানৰ পিতৃ-মাতৃ হোৱাৰ গৌৰৱ অৰ্জন কৰিলে বৃদ্ধ দম্পতীহালে।

পুনৰ শিশুৰ কলৰৱেৰে ভৰি পৰা ঘৰখনত খোজ দি আনন্দত আত্মহাৰা হৈ পৰিছে দম্পতীহাল।

উল্লেখ্য যে, ২০১৯ চনৰ জুলাই মাহত এক ৰে’ল দুৰ্ঘটনাত একমাত্ৰ পুত্ৰ অনিন্দ্য দত্তক হেৰুৱাইছিল তপন দত্ত আৰু ৰূপা দত্তই।

পুত্ৰ শোকে দগ্ধ কৰা পতি-পত্নীহালে পুনৰ বৃদ্ধাৱস্থাত লাভ কৰে দুটি যমজ সন্তান।

৭০ বছৰীয়া তপন দত্তৰ ৫৪ বৰ্ষীয় পত্নী ৰূপা দত্তই অলপতে জন্ম দিয়ে যমজ সন্তান দুটি।

জানিব পৰা মতে, একমাত্ৰ পুত্ৰৰ মৃত্যুৰ পিছত তপন দত্ত আৰু ৰূপা দত্তই পুনৰ সন্তান জন্ম দিয়াৰ সিদ্ধান্ত লৈছিল।

কিন্তু বয়সে সৃষ্টি কৰা শাৰীৰিক অসুবিধাৰ বাবে তেওঁলোকে ল’বলগা হৈছিল আধুনিক চিকিৎসাৰ সহায়।

সেই অনুসৰি দম্পতীহালে হাওৰাৰ বাল্লী অঞ্চলৰ চিকিৎসকৰ সৈতে যোগাযোগ কৰি অভিজ্ঞ চিকিৎসকৰ পৰামৰ্শত অৱশেষত কলকতাৰ এখন ব্যক্তিগত নাৰ্ছিং হোমত অক্টোবৰ মাহত এটি পুত্ৰ আৰু এটি কন্যা সন্তানৰ পিতৃ-মাতৃ হোৱাৰ গৌৰৱ অৰ্জন কৰে।

বৰ্তমান মাতৃ আৰু দুয়োটি সন্তান সুস্থিৰ হৈ থকা বুলি জানিব পৰা গৈছে।

আনহাতে উকা ঘৰখন পুনৰ শিশুৰ কলৰৱেৰে ভৰি পৰাত আনন্দত আত্মহাৰা হৈ পৰিছে দম্পতীহাল।