APSC কেলেংকাৰীতাে অভিযুক্ত ADO জ্যােতিৰেখা দাস, ৭ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ

নিউজ ডেস্ক। পুনৰ ৰাজ্যৰ কৃষি বিভাগক কলংকিত কৰি উৎকােচ লওঁতে হাতে-লােটে গ্ৰেপ্তাৰ হােৱা দলং জিলাৰ খাৰুপেটীয়াৰ কৃষি উন্নয়ন বিষয়া চমুকৈ ADO জ্যােতিৰেখা দাস APSC কেলেংকাৰীতাে অভিযুক্ত।

বৃহস্পতিবাৰে জ্যােতিৰেখা দাসক গুৱাহাটীৰ পান বজাৰ স্থিত বিশেষ ন্যায়াধীশৰ আদালতত হাজিৰ কৰােৱা হয়।

তাৰ পাছতে আদালতে কৃষি বিষয়াগৰাকীক ৭ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে।

ADO জ্যোতিৰেখা দাসৰ বিৰুদ্ধে ACB/ PS/5/21 নম্বৰ গোচৰ ৰুজু কৰিছে দুৰ্নীতি নিবাৰক শাখাই।

পুনৰ ১২ আগষ্টত আদালতত হাজিৰ কৰোৱা হ’ব বিষয়াগৰাকীক।

উল্লেখ্য যে খাৰুপেটীয়া ভূতপুখুৰীৰ জয়নাল আবেদিন নামৰ এজন কৃষকৰ পৰা ধান ক্ৰয়ৰ প্ৰমাণপত্ৰ দিয়াৰ নামত পোন্ধৰ হাজাৰ টকা বিচাৰিছিল।

তাৰ পাছতে কৃষকগৰাকীয়ে এই বিষয়ে দুৰ্নীতি নিবাৰক আৰু তদাৰক শাখাত অভিযোগ দাখিল কৰিছিল।

সেইমতে বুধবাৰে দুৰ্নীতি নিবাৰক আৰু তদাৰক শাখা উপ-আৰক্ষী অধীক্ষকদ্বয় মৈয়েত্ৰী ডেকা আৰু মোজাফৰ হুছেইনৰ নেতৃত্বত এটা ১৮ জনীয়া দলে মঙলদৈৰ শান্তিপুৰত জলসিঞ্চন বিভাগৰ কাৰ্যালয়ৰ সন্মুখত এ এছ ১২ ৱাই ৩৭৯৮ নম্বৰৰ স্কুটিৰে অহা জ্যোতিৰেখা দাসক জয়নালে পোন্ধৰ হাজাৰ টকা দি থকা অৱস্থাত হাতে-লোটে গ্ৰেপ্তাৰ কৰে।

ইয়াৰে পাছত দুৰ্নীতি নিবাৰক শাখাই জ্যোতিৰেখা দাসক গুৱাহাটীলৈ লৈ আনি অধিক জেৰা চলায়।

উল্লেখযোগ্য যে অসম লোকসেৱা আয়োগৰ কৃষি উন্নয়ন বিষয়া নিযুক্তি কেলেংকাৰীক লৈ ভঙাগড় থানাত ১৫৯/২০১৭ নম্বৰত এক গোচৰ ৰুজু হৈছিল।

এই গোচৰটোতে বহুসংখ্যক কৃষি উন্নয়ন বিষয়াৰ লগতে ১২ নম্বৰৰ অভিযুক্ত হিচাপে জ্যোতিৰেখা দাসৰ নাম সাঙোৰ খাই আছে।

ভঙাগড় থানাৰ গোচৰত ২০২০ চনৰ ৬ জানুৱাৰীত তেওঁৰ বিৰুদ্ধে আদালতত চাৰ্জশ্বিটো দাখিল কৰিছে আৰক্ষীয়ে।

Leave a Comment