
CBSE ৰ দশম শ্ৰেণীৰ ফলাফলত দেশজুৰি দ্বিতীয় স্থানত অসমৰ লােচনা…
July 23, 2022নিউজ ডেস্ক। পুনৰ ৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল অসমৰ শিক্ষাৰ্থী।
শুকুৰবাৰে ঘােষিত কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদ চমুকৈ চিবিএছইৰ দশম শ্ৰেণীৰ চূড়ান্ত ফলাফলত দেশৰ ভিতৰতে দ্বিতীয় স্থান দখল কৰিবলৈ সক্ষম হৈছে অসমৰ বিশ্বনাথ চাৰিআলিৰ লােচনা বাচটােলাই।
বিশ্বনাথ চাৰিআলিৰ জৱাহৰ নবোদয় বিদ্যালয়ৰ ছাত্ৰী লোচনা বাচটোলাই মুঠ ৫০০ নম্বৰৰ ভিতৰত ৪৯৯ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে।
উল্লেখ্য যে বিশ্বনাথৰ গোপাল শর্মা বাচটোলা আৰু মেনকা বাচটোলাৰ কন্যা লোচনা।

ছাত্ৰীগৰাকীয়ে ষষ্ঠ শ্ৰেণীৰ পৰা বিশ্বনাথৰ জৱাহৰ নৱোদয় বিদ্যালয়ত অধ্যয়ন কৰি আহিছে।
উল্লেখ্য যে চলিত বৰ্ষৰ পৰা স্থানপ্রাপ্তৰ নাম প্রকাশত চিবিএছইয়ে কিছু নতুন নিয়ম বলৱৎ কৰিছে।
এনে পৰিপ্ৰেক্ষিততে চিবিএছই কৰ্তৃপক্ষই আনুষ্ঠানিকভাৱে লোচনাৰ স্থান ঘোষণা কৰা নাই যদিও এই নম্বৰ লাভৰ ক্ষেত্ৰত এইগৰাকী শিক্ষার্থীয়ে অভিলেখ সৃষ্টি কৰা বুলি চৰ্চা হৈছে।
শ্বিলং মণ্ডলৰ জৱাহৰ নৱোদয় শিক্ষা সমিতিৰ অধীনৰ বিশ্বনাথৰ নৱোদয় বিদ্যালয়ৰ লোচনাই ইংৰাজী, গণিত, অসমীয়া, সমাজ বিজ্ঞান বিষয়ত ১০০ নম্বৰকৈ লাভ কৰাৰ বিপৰীতে বিজ্ঞান বিষয়ত ৯৯ নম্বৰ লাভ কৰিছে।

সম্ভৱতঃ শ্বিলং মণ্ডলৰ লোচনাৰ এই সাফল্য জৱাহৰ নৱোদয় বিদ্যালয়ৰ ভিতৰত অভিলেখ বুলি বিবেচিত হৈছে।
সম্প্ৰতি বিজ্ঞান শাখাত নামভৰ্তি কৰি ভৱিষ্যতে চিকিৎসক হোৱাৰ মন বুলি তেওঁ সাংবাদিকক জনাইছে।

নিৰ্দিষ্ট ৰুটিন অনুসৰণ নকৰাকৈ বিদ্যালয়ৰ শিক্ষাগুৰুৰ জৰিয়তে এই সফলতা লাভত অত্যন্ত সুখী লোচনা।
লগতে চাওকঃ
ভাল খবৰ! CBSE ৰ দ্বাদশৰ চূড়ান্ত পৰীক্ষাত দেশজুৰি চতুর্থ স্থানত অসমৰ হৰিদ্ৰা

[…] […]
[…] ভাল খবৰ ! CBSE ৰ দশম শ্ৰেণীৰ ফলাফলত দেশজুৰ… […]
[…] […]
[…] […]
[…] […]
[…] CBSE ৰ দশম শ্ৰেণীৰ ফলাফলত দেশজুৰি দ্বিতী… […]