CBSE ৰ দ্বাদশৰ চূড়ান্ত পৰীক্ষাত দেশজুৰি চতুর্থ স্থানত অসমৰ হৰিদ্ৰা

CBSE ৰ দ্বাদশৰ চূড়ান্ত পৰীক্ষাত দেশজুৰি চতুর্থ স্থানত অসমৰ হৰিদ্ৰা

July 23, 2022 Off By NEWS DESK

নিউজ ডেস্ক। শুকুৰবাৰে ঘোষিত কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদ চমুকৈ চিবিএছইৰ দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাত কলা শাখাত দেশৰ ভিতৰতে চতুৰ্থ স্থান দখল কৰি ৰাজ্যবাসীক গৌৰৱান্বিত কৰিছে গোলাঘাট জিলাৰ নুমলীগড় দিল্লী পাব্লিক স্কুলৰ ছাত্ৰী হৰিদ্ৰা বৰাই।

কৃতী ছাত্ৰীগৰাকীয়ে কলা শাখাত ৯৯.৪ শতাংশ নম্বৰ লাভেৰে ৰাষ্ট্ৰীয় পৰ্যায়ত চতুর্থ স্থান দখল কৰি গোলাঘাট জিলালৈও গৌৰৱ কঢ়িয়াই আনে।

ঘােষিত ফলাফল অনুসৰি, হৰিদ্ৰাই মুঠ ৫০০ নম্বৰৰ ভিতৰত ৪৯৭ নম্বৰ লাভ কৰিবলৈ সক্ষম হয়।

হৰিদ্ৰাই ইংৰাজী বিষয়ত ৯৮, ৰাজনীতি বিষয়ত ৯৯, সমাজতত্ত্ব বিষয়ত ১০০, ভূগোল বিষয়ত ১০০ আৰু মনোবিজ্ঞান বিষয়ত ১০০ নম্বৰ লাভ কৰে।

উল্লেখ্য যে বোকাখাত চি এন বি কলেজৰ গণিত বিষয়ৰ মুৰব্বী অধ্যাপক ৰুবুল বৰা আৰু গোলাঘাটৰ জ্যেষ্ঠ অধিবক্তা মৃদুস্মিতা শ‍ইকীয়াৰ একমাত্ৰ কন্যা হৰিদ্ৰা।

মেধাৱী ছাত্ৰীগৰাকীয়ে ২০২০ চনত গোলাঘাট চেক্রেড হার্ট হাইস্কুলৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰাজ্যৰ ভিতৰতে ষষ্ঠ স্থান দখল কৰিবলৈ সক্ষম হৈছিল।

বর্তমান দিল্লী বিশ্ববিদ্যালয়ৰ অন্তর্গত হিন্দু কলেজ অথবা ছেণ্ট ষ্টিফেন কলেজত নামভৰ্তি কৰিবলৈ ইচ্ছুক হৰিদ্ৰাই বৰাই পৰবৰ্তী সময়ত নিজকে এগৰাকী ভাৰতীয় প্রশাসনিক সেৱাৰ বিষয়া হিচাপে প্ৰতিষ্ঠা কৰিবলৈ মনতে হেঁপাহ পুহি ৰাখিছে।

হৰিদ্ৰা বৰাৰ আজিৰ ফলাফলে স্বাভাৱিকতে নুমলীগড় দিল্লী পাব্লিক স্কুলৰ লগতে গোলাঘাটত আনন্দৰ জোৱাৰ আনিছে।

লগতে চাওকঃ

ভাল খবৰ! CBSE ৰ দশম শ্ৰেণীৰ ফলাফলত দেশজুৰি দ্বিতীয় স্থানত অসমৰ লােচনা…