CCTV কেমেৰাত বন্দী মাৰুতি ছুইফ্টৰ সৈতে টেংকাৰৰ সংঘৰ্ষ, নিহত ৬ কলেজীয়া ছাত্ৰ

নিউজ ডেস্ক। ৰাজপথত পুনৰ সংঘটিত হ’ল এক শােকাৱহ পথ দুৰ্ঘটনা। নিজৰ কলেজীয়া বন্ধুৰ জন্মদিন উদযাপন কৰি ঘৰলৈ ওভতাৰ পথত মৃত্যুক আঁকােৱালি ল’লে ৬ কলেজীয়া বন্ধুৱে।

মধ্যপ্ৰদেশৰ ইন্দােৰ চহৰত সংঘটিত হয় এক ঘটনা। নিশা ১.੦৫ বজাত পথৰ কাষত ৰখাই থােৱা টেংকাৰত পাছফালৰ পৰা খুন্দিয়ায় এখন তীব্ৰবেগী যাত্ৰীবাহী মাৰুতি ছুইফ্ট গাড়ীয়ে।

এই সংঘৰ্ষ ইমানেই ভয়ংকৰ আছিল যে গাড়ীখনত থকা ৪ যুৱকৰ থিতাতে মৃত্যু ঘটে। আনহাতে, আন দুজনৰ মৃত্যু চিকিৎসালয়লৈ নি থকা অৱস্থাত ঘটে।

নিহত যুৱককেইজনৰ নাম হ’লঃ চোনু (২২), সুমিত সিং (২০), ঋষি (১৯), চন্দ্ৰভান, সূৰজ , দেৱ (২০)ৰ মৃত্যু হৈছিল। CCTV ভিডিঅ’ত বন্দীত হৈছে এই দুৰ্ঘটনাৰ সমগ্ৰ দৃশ্য।

নিহত যুৱক কেইজন

তীব্ৰবেগেৰে গৈ থকা মাৰুতি ছুইফ্ট বাহনখনে হঠাতে নিয়ন্ত্ৰণ হেৰুৱাইথ পথৰ দাঁতিত ৰখাই থােৱা টেংকাৰত প্ৰচণ্ড জােৰেৰে খুন্দিয়ায়।

চাওক এই ঘটনাৰ CCTV ভিডিঅ’

উল্লেখ্য যে নিহত ৪ জন যুৱকৰ প্ৰতিজনেই পৰিয়ালৰ একমাত্ৰ পুত্ৰ আছিল।

লগতে চাওকঃ

নিৰ্বাচনৰ পূৰ্বে ছবিগৃহলৈ আহি আছে জুবিনৰ ‘ৰাজনীতি’! মুকলি হ’ল টিজাৰ

ৰাজনীতি

হাইপ্ৰফাইল চুৰ! চুৰিকাণ্ডৰ বাবে ক্ৰয় কৰি ললে ৯০ লাখ টকাৰ ভূমি, সুৰংগ খান্দি প্ৰতিবেশীৰ ঘৰত চুৰিকাণ্ড

হাতেৰে ঘূৰালেই বাজি উঠে এক ব্যতিক্ৰমী বাঁহী! জাপানলৈ ৰপ্তানি কৰি চৰ্চিত এজন শিল্পী

টিকট অবিহনে ৰে’লত যাত্ৰা কৰিছিল ২০ আৰক্ষী, জৰিমনা আদায় দিবলৈও হ’ল অমান্তি! তাৰ পাছত…

Leave a Comment