চাঞ্চল্যকৰ ঘটনা! গৰ্ভৱতী পত্নীক চাৰ্ভিচ পিষ্টলেৰে গুলীয়াই হত্যা আৰক্ষী স্বামীৰ…

চাঞ্চল্যকৰ ঘটনা! গৰ্ভৱতী পত্নীক চাৰ্ভিচ পিষ্টলেৰে গুলীয়াই হত্যা আৰক্ষী স্বামীৰ…

March 14, 2022 0 By NEWS DESK

নিউজ ডেস্ক। এক চাঞ্চল্যকৰ হত্যাকাণ্ডই জোকাৰি গৈছে সমগ্ৰ অসম।

ডিব্ৰুগড় সদৰ আৰক্ষী থানা চৌহদত সংঘটিত হত্যাকাণ্ডক লৈ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।

অসম আৰক্ষীৰ এজন কনিষ্টবলে গুলীয়াই হত্যা কৰিছে নিজৰ অন্তঃসত্বা পত্নীক।

অৱশ্যে হত্যাৰ কাৰণ এতিয়াও ৰহস্যৰ আৱৰ্তত।

আৰক্ষীয়ে ইতিমধ্যে হত্যাকাৰী কনিষ্টবলজনক গ্ৰেপ্তাৰ কৰি তদন্ত আৰম্ভ কৰিছে।

জানিব পৰা মতে, ২০১৮ চনৰ ১২ আগষ্টত বিবাহ পাশত আৱদ্ধ হৈছিল জয়শ্ৰী চেতিয়া আৰু আৰক্ষী কনিষ্টবল বিকি চেতিয়া।

বিয়াৰ পিছত পতি-পত্নীৰ মাজত দুই এটা সামান্য মতানৈক্য ঘটিলেও কোনো ডাঙৰ কাজিয়া ঘটা নাছিল বুলি জানিবলৈ দিয়ে জয়শ্ৰীৰ পিতৃয়ে।

এনে পৰিপ্ৰেক্ষিতত কিয় দেওবাৰে নিশা নিজৰ চাৰ্ভিচ পিষ্টলেৰে কনিষ্টবল স্বামীয়ে জয়শ্ৰীক গুলীয়াই হত্যা কৰিলে তাক লৈ সৃষ্টি হৈছে ৰহস্যৰ।

জানিব পৰা মতে, বিদেশী ন্যায়াধীকৰণ আদালতৰ সদস্যা মল্লিকা দত্তৰ ব্যক্তিগত নিৰাপক্ষাৰক্ষী হিচাপে কৰ্তব্যৰত আছিল বিকি চেতিয়া নামৰ জােৱানজন।

২৯ বৰ্ষীয় জয়শ্ৰী চেতিয়াৰ পিতৃ আৰু পৰিয়ালৰ লোকে হত্যাকাৰী বিকি চেতিয়াক কঠোৰতম শাস্তি বিহাৰ দাবী জনাইছে।

কিন্তু বিকি চেতিয়াই কিহৰ বাবে এই ঘটনা সংঘটিত কৰিলে সেয়া এতিয়াও জানিব পৰা হোৱা নাই।

আৰক্ষীৰ তদন্তৰ অন্ততহে পোহৰলৈ আহিব ডিব্ৰুগড় আৰক্ষী ছাউনীত সংঘটিত হোৱা এই ঘটনাৰ প্ৰকৃত তথ্য।