
DSP ৰূপে নিযুক্তি লাভ লাভলীনা বৰগোঁহাইৰ, মুখ্যমন্ত্ৰীয়ে প্ৰদান কৰিলে নিযুক্তিপত্ৰ
January 12, 2022টকিঅ’ অলিম্পিকত পদক জয়েৰে অসম তথা ভাৰতবাসীক গৌৰৱাম্বিত কৰা অসমকন্যা লাভলীনা বৰগোঁহাইয়ে বুধবাৰে যোগদান কৰে অসম আৰক্ষী ডিএছপি পদত।

জনতা ভৱনত আয়োজিত এক অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু আৰক্ষী সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্তৰ উপস্থিতিত ডিএছপি পদত নিযুক্ত হয় লাভলীনা বৰগোঁহাই।

ক্ৰীড়াবিদ গৰাকীক নিযুক্তি পত্ৰ প্ৰদান কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
উল্লেখ্য যে, লাভলীনাৰ পূৰ্বে বিশ্ব দৰবাৰত অসমক গৌৰৱাম্বিত কৰা ধিং এক্সপ্ৰেছ হিমা দাসকো ডিএছপি পদত নিযুক্ত কৰিছিল অসম চৰকাৰে।

ক্ৰীড়াবিদ দুগৰাকীৰ কৃতিত্বৰ বাবে অসম চৰকাৰে এই সন্মান প্ৰদান কৰে।
Live from Janata Bhawan, Dispur https://t.co/UiBlmsjUqa
— Himanta Biswa Sarma (@himantabiswa) January 12, 2022
লাভলীনা বৰগোঁহাইয়ে টকিঅ’ অলিম্পিকত ব্ৰঞ্জৰ পদক জয় কৰি অসমবাসী তথা ভাৰতবাসীৰ বাবে গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।
তেওঁৰ এই কৃতিত্বৰ বাবে ভাৰত চৰকাৰে মেজৰ ধ্যানচন্দ খেলৰত্ন বঁটা আৰু অৰ্জুন বঁটাৰেও সন্মানিত কৰিছে।