GMCHত চিকিৎসাধীন অৱস্থাত বিয়োগ জ্যেষ্ঠ সাংবাদিক পাৰভিজুৰ ৰহমানৰ

GMCHত চিকিৎসাধীন অৱস্থাত বিয়োগ জ্যেষ্ঠ সাংবাদিক পাৰভিজুৰ ৰহমানৰ

September 1, 2022 Off By NEWS DESK

নিউজ ডেস্কঃ দীৰ্ঘদিন ধৰি শাৰীৰিক অসুস্থতাৰ সৈতে যুঁজি অৱশেষত মৃত্যুৰ ওচৰত হাৰ মানিলে ধুবুৰীৰ জ্যেষ্ঠ সাংবাদিক পাৰভিজুৰ ৰহমানে। ৪৭ বছৰ বয়সত গুৱাহাটী মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন অৱস্থাত শেষ নিশ্বাস ত্যাগ কৰে সাংবাদিকগৰাকীয়ে।

উল্লেখ্য যে, ৰাজ্যৰ বৈদ্যুতিন সংবাদ মাধ্যম প্ৰতিদিন টাইমৰ ধুবুৰীৰ সংবাদদাতা হিচাপে কাম কৰি আছিল পাৰভিজুৰ ৰহমানে। জ্যেষ্ঠ সাংবাদিকগৰাকীৰ বিয়োগৰ খবৰে মৰ্মাহত কৰিছে তেওঁৰ সতীৰ্থসকলৰ লগতে সংবাদ জগতখনৰ সৈতে জড়িত সকলক।

জ্যেষ্ঠ সাংবাদিকগৰাকীয়ে মৃত্যুৰ সময়ত পত্নীৰ লগতে এটি পুত্ৰ সন্তানক এৰি থৈ যায়।