IPL ৰ জুৱাত সৰ্বস্বান্ত হ’ল পোষ্টমাষ্টাৰ! খৰচ কৰিলে গ্ৰাহকৰ ফিক্স ডিপােজিটৰ কােটি টকা

IPL ৰ জুৱাত সৰ্বস্বান্ত হ’ল পোষ্টমাষ্টাৰ! খৰচ কৰিলে গ্ৰাহকৰ ফিক্স ডিপােজিটৰ কােটি টকা

May 26, 2022 0 By NEWS DESK

নিউজ ডেস্ক। দেশত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই.পি.এল.) ৰ খেল চলি থকাৰ সমান্তৰালভাৱে চলি আছে বৃহৎ জুৱাৰ বজাৰ এখনো।

এইবাৰ ক্ৰিকেট খেলৰ জুৱাত বাজি ধৰি মধ্যপ্ৰদেশৰ এজন পোষ্টমাষ্টাৰে ১.২৫ কোটি টকা হেৰুৱাই সৰ্বাস্বান্ত হােৱাৰ খবৰ পােহৰলৈ আহিছে।

জানিব পৰা মতে, তেওঁ এই বৃহৎ ধন ডাকঘৰৰ থকা দুই ডজন পৰিয়ালৰ ফিক্স ডিপােজিটৰ পৰা মনে মনে খৰচ কৰিছিল।

সাগৰ জিলাৰ এটা উপ-ডাকঘৰত জমা কৰিব লগা এই টকাখিনি পোষ্টমাষ্টাৰ গৰাকীয়ে জুৱাত লগাই দিয়ে।

এই অভিযোগত বিনা উপ-ডাকঘৰৰ পোষ্টমাষ্টাৰ বিশাল আহিৰৱাৰক ২০ মে’ত ৰে’লৱে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

ইতিমধ্যে, লোকজনে আৰক্ষীৰ সন্মুখত নিজৰ অপৰাধ স্বীকাৰ কৰিছে।

প্ৰতিবেদন অনুসৰি, অভিযুক্ত পোষ্টমাষ্টাৰ গৰাকীয়ে ভুৱা এফডি একাউণ্টৰ বাবে প্ৰকৃত পাছবুক প্ৰদান কৰিছিল আৰু যোৱা দুবছৰ ধৰি আই পি এল ক্ৰিকেট জুৱাতত গোটেই ধন বিনিয়োগ কৰিছিল।

ইতিমধ্যে, গ্ৰেপ্তাৰ হোৱা পোষ্টমাষ্টাৰ বিশাল আহিৰৱাৰৰ বিৰুদ্ধে আইপিচিৰ ৪২০ (প্ৰৱঞ্চনা) আৰু আইপিচিৰ ৪০৮ (অপৰাধমূলক বিশ্বাস ভঙ্গ) ধাৰাৰ অধীনত গোচৰ ৰুজু কৰা হৈছে।

পৰৱৰ্তী অনুসন্ধানৰ ওপৰত আধাৰ কৰি গোচৰটোত অধিক ধাৰাৰ যোগ কৰাৰো সম্ভাৱনা আছে।