NDA ৰ পৰীক্ষাত উজলিল অসম-মণিপুৰৰ দুই কৃতী ছাত্ৰ, প্ৰথম প্ৰয়াসতে সুখ্যাতিৰে উত্তীৰ্ণ

নিউজ ডেস্ক। এক সুখবৰ। নেশ্যনেল ডিফেন্স একাডেমী (NDA) ৰ পৰীক্ষাত একেবাৰতে সফলতাৰে উত্তীৰ্ণ হ’ল অসম আৰু মণিপুৰৰ দুই সন্তান।

দুই সন্তান ক্ৰমে অসমৰ বোকাখাতৰ অমন নিবাস ঘোষ আৰু মণিপুৰৰ নমোইজাম নাওবা মিতে।

কেন্দ্ৰীয় লোকসেৱা আয়োগৰ দ্বাৰা অনুষ্ঠিত পৰীক্ষাত দুয়োৱে সুখ্যাতিৰে উত্তীৰ্ণ হয়।

জানিব পৰা মতে, বোকাখাতৰ ডিফলু পথাৰ নিবাসী সুনীল কুমাৰ ঘোষ আৰু জয়া ঘোষৰ পুত্ৰ অমন নিবাস ঘোষে ভাৰতবৰ্ষৰ সন্মানজনক শিক্ষানুষ্ঠান নেশ্যনেল ডিফেন্স একাডেমী (NDA) ত যোগ্যতাৰ ভিত্তিত নামভৰ্ত্তিৰ সুযোগ লাভ লাভ কৰিছে।

অমল নিবাস ঘোষে ডেৰাডুনস্থিত নেশ্যনেল ইণ্ডিয়ান মিলিটেৰী কলেজৰ পৰা সৰ্বভাৰতীয় বাছনি পৰীক্ষাত উত্তীৰ্ণ হৈ নেশ্যনেল ডিফেন্স একাডেমীত অধ্যয়ন কৰাৰ সুযোগ লাভ কৰিছে।

উল্লেখ্য যে, ছাত্ৰজনে ২০১৬ চনত ইণ্ডিয়ান মিলিটেৰী কলেজত নামভৰ্তি কৰি ২০২১ বৰ্ষত দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাত সেই কলেজৰ পৰা Passing out ceremony ত সুখ্যাতিৰে উত্তীৰ্ণ হৈ নেশ্যনেল ডিফেন্স একাডেমীত অধ্যয়নৰ বাবে নিৰ্বাচিত হয়।

আনহাতে, মণিপুৰৰ ১৭ বছৰীয়া কিশোৰ নমোইজাম নাওবা মিতেই তেওঁৰ প্ৰথম প্ৰচেষ্টাত নেশ্যনেল ডিফেন্স একাডেমী (এন ডি এ) ৰ পৰীক্ষাত উত্তীৰ্ণ হ’বলৈ সক্ষম হয়।

তেওঁৰ সৰ্বভাৰতীয় পৰ্যায়ত ২৭ সংখ্যক স্থান লাভ কৰে।

নমোইজাম নাৰণ মিতেই আৰু নমোইজাম প্ৰেমিলা লেইমাৰ ঘৰত জন্মগ্ৰহণ কৰা নাওবা ইম্ফলৰ খোংহামপত খুনুৰ বাসিন্দা। তেওঁ সৰুৰে পৰাই সেনা বাহিনীৰ সেৱাৰ প্ৰতি আকৃষ্ট হৈ আহিছিল।

তেওঁ কয় যে, “মই সদায়েই সকলো ধৰণৰ বিকাশৰ ওপৰত গুৰুত্ব দি আহিছো। আৰু কেৰিয়াৰৰ বিভিন্ন বিকল্পৰ অনুমান কৰাৰ পিছত এই ক্ষেত্ৰখনেই মই এতিয়ালৈকে কৰা আৰু শিকা সকলোবোৰ ব্যৱহাৰ কৰে। সেয়েহে মই এইটো দিশ বাছনি কৰিছো আৰু মই সদায় বিচৰা বস্তুবোৰ অনুসৰণ কৰাৰ সিদ্ধান্ত লৈছো।”

১৭ বছৰীয়া কিশোৰজনে বিশ্বাস কৰে যে যদি কোনোবাই জীৱনত সফল হ’ব বিচাৰে, তেন্তে কঠোৰ পৰিশ্ৰম আৰু ত্যাগ হৈছে মূল চাবিকাঠি। তদুপৰি কেৱল কঠোৰ পৰিশ্ৰম কৰাই নহয়, স্মাৰ্ট কামো কৰিব লাগিব।

উল্লেখ্য যে কেন্দ্ৰীয় লোকসেৱা আয়োগৰ দ্বাৰা পৰিচালিত পৰীক্ষাৰ মেধা তালিকা যোৱা ৬ জুলাই মঙলবাৰে প্ৰকাশ পাইছিল।

Leave a Comment