RRR, KGF ৰ দৰে ফটুৱা চিনেমা নাচাব, অসমীয়া চিনেমা চাওকঃ জুবিন গাৰ্গ

নিউজ ডেস্ক। পুনৰ বিহু মঞ্চৰ পৰা দক্ষিণৰ ছবিক লৈ মন্তব্য জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ।

আৰআৰআৰ, কেজিএফৰ দৰে ফটুৱা চিনেমা নাচাবলৈ আহ্বান জনালে যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰৱ গৰাকীয়ে।

বিহু মঞ্চৰ পৰাই দৰ্শকৰ প্ৰতি আহ্বান জনাই জুবিন গাৰ্গে কয় যে অসমীয়া মানুহে অসমীয়া চিনেমা চাব লাগে।

দক্ষিণৰ চিনেমা চাই তেওঁলোকক ধনী কৰাৰ প্ৰয়োজন নাই, তাৰ পৰিৱৰ্তে অসমীয়া মানুহক ধনী কৰিব লাগে।

কণ্ঠশিল্পীগৰাকীয়ে কয় যে দক্ষিণৰ চিনেমা ফটুৱা চিনেমা। তাত মানুহ দলিয়াই দিয়ে, মটৰ চাইকেল দলিয়াই দিয়ে, লাঠ মাৰি ট্ৰাক লৰাই দিয়ে। আৰু এইবোৰকে বুৰ্বকৰ দৰে, গৰুৰ দৰে আমি চাই থাকো।

জুবিনে কয়, ‘আমি গৰু নহয়, আমি বাঘ। মোক আপোনালোকে চিনেমা চাব বুলি গেৰাণ্টী দিয়ক, মই গেৰাণ্টীৰে সৈতে কৈছো ভাল চিনেমা উপহাৰ দিম।’

লগতে চাওকঃ

২ মে’ত আছিল বিয়া! কিন্তু তাৰ পূৰ্বেই পিতৃ-মাতৃ আৰু ২ ভগ্নীৰ সৈতে পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে বৃদ্ধিয়ে

Leave a Comment