Sanitizer নে Body Lotion! চাওক সামাজিক মাধ্যমত ভাইৰেল হােৱা এটা বিশেষ ভিডিঅ’

Sanitizer নে Body Lotion! চাওক সামাজিক মাধ্যমত ভাইৰেল হােৱা এটা বিশেষ ভিডিঅ’

May 29, 2021 0 By NEWS DESK

নিউজ ডেস্ক। মহামাৰী কোৰোনাৰ পৰা ৰক্ষা পাবলৈ প্ৰত্যেকেই গ্ৰহণ কৰিছে সুৰক্ষা মূলক ব্যৱস্থা। কোৰোনাৰ পৰা বাচিবলৈ লবলগীয়া সকলো সাৱধানতা গ্ৰহণ কৰিছে প্ৰত্যেকে।

সকলোৱে পৰিধান কৰিছে মাস্ক, ব্যৱহাৰ কৰিছে চেনিটাইজাৰ, অৱলম্বন কৰিছে সামাজিক দূৰত্ব।

কিন্তু তেনে সময়তে এক বিশেষ দৃশ্য সামাজিক মাধ্যমত হৈ পৰিছে ভাইৰেল। যিটো দৃশ্য দেখিলে আপুনিও এবাৰ হাঁহিবলৈ বাধ্য হ’ব।

দৃশ্যটোত কোৰোনাৰ পৰা পৰিত্ৰাণ পাবলৈ এজন বৃদ্ধ লোকে চেনিটাইজাৰক ব্যৱহাৰ কৰিলে ‘বডী লোচন’ হিচাপে। যিটো দৃশ্য টুইটাৰত শ্বেয়াৰ কৰিছিল ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া দিপাংশু কাব্রাই।

দৃশ্যটোত দেখা অনুসৰি, এজন বৃদ্ধই বহুতো লোকৰ সৈতে এক প্ৰতিষ্ঠানৰ সন্মুখত শাৰী পাতি আছে। প্ৰতিষ্ঠানটোৰ নিৰাপত্তাৰক্ষীজনে প্ৰত্যেককে ভিতৰলৈ প্ৰৱেশ কৰাৰ আগমূহুৰ্তত দি গৈছে চেনিটাইজাৰ।

তেনেতে এজন বৃদ্ধই তেওঁক দিয়া চেনিটাইজাৰকন গাৰে-মূৰে, হাতে-মুখে আৰু ভৰিত সানিলে।

সেই দৃশ্য নিৰাপত্তাৰক্ষীজনে প্ৰত্যক্ষ কৰি পুনৰ আৰু অলপ চেনিটাইজাৰ দি দিয়ে বৃদ্ধজনৰ হাতত। কিন্তু পুনৰ সেই একেই কাৰ্য কৰে বৃদ্ধজনে। তেওঁ প্ৰথমতে মুখত আৰু তাৰ পিছত সমগ্ৰ শৰীৰত সানে চেনিটাইজাৰ।

ইয়াৰ কাৰণ বৃদ্ধজনক সোধাত বৃদ্ধজনে কয় যে কোৰোনাৰ পৰা ৰক্ষা পাবলৈহে এই কাম কৰা হৈছে। বৃদ্ধজনৰ এই কাৰ্য বৰ্তমান সামাজিক মাধ্যমত ব্যাপকভাৱে হৈ পৰিছে ভাইৰেল। বহুতে কৰিছে নানা মন্তব্য।

লগতে চাওকঃ

ককায়েক-ভগ্নীৰ চিকিৎসাত গাফিলতি! ৪ জনীয়া তদন্ত কমিটীয়ে কৰিব পৰিয়ালৰ অভিযােগৰ তদন্ত