#StayStrongIndia ত্ৰিৰংগাৰ প্ৰতীকৰ আলোকেৰে উদ্ভাসিত বুৰ্জ খলিফা

নিউজ ডেস্ক। ভাৰতত ক’ভিড মহামাৰীৰ সংক্ৰমণৰ দ্বিতীয় জোৱাৰে অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি কৰিছে।

তেনে সময়তে ক’ভিড যুঁজলৈ দেশখনক সহায় কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে সংযুক্ত আৰব আমীৰশ্বাহি (ইউএই)এ।

ডুবাইৰ বুৰ্জ খলিফা ভাৰতৰ প্ৰতি ক’ভিড যুঁজৰ সমৰ্থন জনাই ত্ৰিৰংগা পতাকাৰ প্ৰতীকৰ পোহৰেৰে উদ্ভাসিত কৰি তোলা হয়।

বিশ্বৰ এই আটাইতকৈ ওখ ইমাৰটটোত ত্ৰিৰংগাৰ প্ৰতীক হিচাপে তিনিটা ৰঙৰ পোহৰেৰে আলোকিত কৰাৰ উপৰি ইয়াত এক হেছটেগ লিখি দিয়া হয়।

এই হেছটেগ হৈছে ‘ষ্টে ষ্ট্ৰং ইণ্ডিয়া’ #StayStrongIndia। উল্লেখনীয় যে বিশ্বৰ ভিতৰতে এতিয়া ক’ভিড মহামাৰীয়ে আটাইতকৈ সংহাৰী ৰূপ ধাৰণ কৰিছে ভাৰতত।

দেশখনত প্ৰতিদিনে তিনি লক্ষাধিক লোক ক’ভিড মহামাৰীত আক্ৰান্ত হৈছে। আক্ৰান্তৰ সংখ্যাৰে প্ৰতিদিনে অভিলেখ স্পৰ্শ কৰিছে ভাৰতে।

এনে মুহূৰ্তত ক’ভিড যুঁজৰ প্ৰতি ভাৰতলৈ বিভিন্ন দেশৰ পৰা আহিছে সমৰ্থন। ইউএইৰ তৰফৰ পৰাও ভাৰৰতকমহামাৰী প্ৰতিৰোধৰ যুঁজত সহযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰা হৈছে।

Leave a Comment