Supersonic Boom! ভয়ংকৰ শব্দই কঁপাই গ’ল উজনি অসমৰ বৃহৎ অঞ্চল

নিউজ ডেস্ক। বিগত কিছুদিন ধৰি ৰাজ্যৰ বিভিন্ন অঞ্চলত শুনা গৈছে বিস্ফােৰণৰ দৰেই প্ৰচণ্ড শব্দ।

আকাশত উৎপন্ন এনে বিস্ফােৰণৰ শব্দত কঁপি উঠিছে বিভিন্ন অঞ্চল।

সােমবাৰে পুৱতি নিশাও তেনে ভয়ংকৰ শব্দই কঁপাই গ’ল গ’ল উজনি অসমৰ বিভিন্ন অঞ্চল।

জানিব পৰা মতে, পুৱা ৪.১੦ মান বজাত শুনা গ’ল এই প্ৰচণ্ড শব্দ।

হঠাত্‍ বিস্ফোৰণৰ শব্দত কঁপি উঠিল উজনি অসমৰ বৃহৎ অঞ্চল।

বিস্ফােৰণ সদৃশ এনে শব্দক লৈ সৃষ্টি হ’ল আতংকৰ।

জানিব পৰা মতে, যোৰহাটৰ ৰৰৈয়া বায়ুসেনা ঘাটিত চলি আছে বায়ু সেনা বাহিনীৰ বিশেষ প্ৰশিক্ষণ।

এই প্ৰশিক্ষণৰ সময়তে যুদ্ধ বিমানৰ সঞ্চালনৰ সময়তে মাজ আকাশত উৎপন্ন হৈছে Supersonic Boom।

কিছুদিন পূৰ্বে নামনি অসমৰ বিভিন্ন জিলাতাে শুনা গৈছিল তেনে প্ৰচণ্ড শব্দ, যাক লৈ সৃষ্টি হৈছিল তীব্ৰ আতংকৰ।

বৰঝাৰ স্থিত বায়ু সেনা ঘাটিতাে মাজে-সময়ে চলা এনে যুদ্ধ বিমানৰ সঞ্চালনৰ বাবে এনে চুপাৰ চ’নিক বুমৰ সন্মুখীন হয় নামনি অসমৰ বিভিন্ন জিলাৰ বাসিন্দাসকল।

উল্লেখ্য যে শব্দৰ গতিতকৈ অধিক গতিত যুদ্ধ বিমানে গতি কৰিলে এনে উচ্চ স্বৰৰ শব্দ উৎপন্ন হয়, যাক ইংৰাজীত চুপাৰ চ’নিক বুম বুলি অভিহিত কৰা হয়।

লগতে চাওকঃ আপােনাৰ সাপ্তাহিক ৰাশিফল

Leave a Comment