
UGC-NET পৰীক্ষাত ৯৯.৫৬ শতাংশ নম্বৰ লাভ হিমাঞ্জলিৰ
February 20, 2022নিউজ ডেস্ক। শনিবাৰে ঘোষিত ৰাষ্ট্ৰীয় যোগ্যতা নিৰূপণ পৰীক্ষা চমুকৈ নেটত ৯৯.৫৬ শতাংশ নম্বৰেৰে উত্তীর্ণ হৈ অসমবাসীৰ লগতে দৰং জিলাবসীক গৌৰৱান্বিত কৰিলে দগীয়াপাৰ গাঁৱৰ হিমাঞ্জলি কলিতাই।
উল্লেখ্য যে ইয়াৰ পূৰ্বে উচ্চতৰ মাধ্যমিকত স্থান দখল কৰি বৃহত্তৰ দৰং বাসীক গৌৰৱান্বিত কৰিছিল হিমাঞ্জলীয়ে।

নেট পৰীক্ষাত ফলাফলত ৰাজনীতি বিজ্ঞান বিষয়ত জুনিয়ৰ ৰিচাৰ্ছ ফেল’শ্বিপ আৰু সহকাৰী অধ্যাপকৰ যোগ্যতা অর্জন কৰা হিমাঞ্জলি কলিতাই ২০১৫ চনত উচ্চতৰ মাধ্যমিকৰ কলা শাখাত পঞ্চম স্থান অধিকাৰ কৰিছিল।

দগীয়াপাৰা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক মহানন্দ কলিতা আৰু হৰিত্ৰা কলিতাৰ কন্যা হিমাঞ্জলিৰ এই কৃতিত্বত অঞ্চলটোত আনন্দৰ জোৱাৰ উঠিছে।
দগীয়াপাৰা প্ৰাথমিক বিদ্যালয়ত শিক্ষা জীৱনৰ পাতনি মেলা হিমাঞ্জলিৰ এই সফলতাৰ বাবে বিভিন্নজনে শুভেচ্ছা জ্ঞাপন কৰিছে।
লগতে চাওকঃ
একেটা শৰীৰত সংযুক্ত চোহনা-মোহনাই ইজনে আনজনক নেদেখাকৈ প্ৰথমবাৰলৈ সাব্যস্ত কৰিলে ভোটাধিকাৰ
