উন্মুক্ত কুঁৱাত পৰিল হাতী পোৱালি, উদ্ধাৰৰ বাবে চলিল বন বিভাগৰ তীব্ৰ অভিযান

দিব্যজ্যােতি ৰাজখােৱা। এক বনৰীয়া হাতী পোৱালিৰ উদ্ধাৰ দৃশ্য সামাজিক মাধ্যমত হৈ পৰিছে ভাইৰেল। দৃশ্যটো ঝাৰখণ্ডৰ এখন গাঁৱৰ।

উন্মুক্ত এটা দ’ কুঁৱাত পৰি গৈছিল এক বনৰীয়া হাতী পোৱালি আৰু পৰৱৰ্তী সময়ত বন বিভাগে জেচিবিৰ সহায়ত ৩੦ ফুট দ’ কুঁৱাৰ দেৱাল খান্দি উদ্ধাৰ কৰে হাতী পোৱালিটোক।

যোৱা সপ্তাহৰ বৃহস্পতিবাৰে কৰা সেই উদ্ধাৰ অভিযানৰ দৃশ্য টুইটাৰত শ্বেয়াৰ কৰে ভাৰতীয় বন সেৱাৰ বিষয়া পাৰবীন কাছৱানে। সেই দৃশ্য এতিয়া ভাইৰেল হৈ পৰিছে সৰ্বত্ৰে।

ঘটনা অনুসৰি, হাতী পোৱালিটো দ’ কুঁৱাত পৰাৰ পিছত স্থানীয় লোকে খবৰ দিয়ে বন বিভাগক। খবৰ লাভ কৰি তাৎক্ষণিকভাৱে ঘটনা স্থলীত উপস্থিত হয় বন বিভাগৰ এটা দল। দলটোৱে লগত লৈ আহে এখন জেচিবি।

জেচিবিৰে তেওঁলোকে ৩੦ ফুট গভীৰ কুঁৱাটোৰ এটা অংশ ভাঙি মাটি খান্দি খান্দি এটা নলাৰ সৃষ্টি কৰে। যাতে সেই নলাটোৰে খোজকাঢ়ি হাতী পোৱালিটো আহিব পাৰে আৰু তেনেদৰেই উদ্ধাৰ কৰা হয় হাতী পোৱালিটোক।

বিষয়াজনে কেপচনত লিখে যে- “ই এক হৃদয়স্পৰ্শী দৃশ্য। ঝাৰখণ্ডৰ এক উন্মুক্ত কুঁৱাত পৰি যায় এটা হাতী পোৱালি। ৮ ঘণ্টা জোৰা অভিযানৰ অন্তত বন বিভাগে উদ্ধাৰ কৰে হাতী পোৱালিটোক।”

Leave a Comment