শােকাৱহ! দুখন বাছৰ মাজত পিষ্ট হৈ ১৬ বছৰীয়া কিশোৰীৰ মৃত্যু

নিউজ ডেস্ক। এই ভয়ংকৰ ঘটনা। দুখন বাছৰ খুন্দাত পিষ্ট এগৰাকী ১৬ বছৰীয়া কিশোৰী।

এই ঘটনা মঙলবাৰে সংঘটিত হয় মুম্বাইৰ ৱৰ্লি ডিপোৰ সমীপত।

নিহত কিশোৰী গৰাকীক প্ৰীতি মনোজ কোৰি বুলি চিনাক্ত কৰা হয়। যি ৱৰ্লি গাঁৱৰ বাসিন্দা আৰু ৰিজৱী মহাবিদ্যালয়ৰ এগৰাকী ছাত্ৰী আছিল।

G1

জানিব পৰা মতে, চালকৰ অসাৱধানতাৰ বাবে মুম্বাইৰ ৱৰ্লি ডিপোৰ ওচৰত দুখন বেষ্ট বাছৰ মাজত সংঘৰ্ষ হয়।

যেতিয়া এখন বাছৰ চালকে বাছখন ঘূৰাই অনা অৱস্থাত বাছখন আনখনত খুন্দা মাৰিছিল।

সংঘৰ্ষটোত এগৰাকী ১৬ বছৰীয়া কিশোৰী বাছ দুখনৰ মাজত সোমাই পৰে। যাৰ ফলত তেওঁ দুয়োখন বাছৰ চেপাত পিষ্ট হৈ পৰে।

অৱশ্যে চালক গৌতম ভালেৰাৱে আৰক্ষীক কৈছিল যে কিশোৰী গৰাকীয়ে ইয়াৰফোন ব্যৱহাৰ কৰি ফোনত কথা পাতি আছিল। যাৰ ফলত তেওঁ হৰ্ণ শুনা নাছিল।

খবৰ অনুসৰি, দাদৰ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত এক গোচৰ ৰুজু কৰে আৰু চালকজনক অৱহেলাৰ বাবে গ্ৰেপ্তাৰ কৰে। অৱশ্যে, পিছত তেওঁক জামিনত মুক্তি দিয়ে আৰক্ষীয়ে।

প্ৰীতিৰ পিতৃ মনোজ কোৰীয়ে কয়, “ঘটনাটো মঙলবাৰে ৰাতিপুৱা প্ৰায় ১১.২০ বজাত সংঘটিত হৈছিল। যেতিয়া প্ৰীতি তেওঁৰ টিউচনৰ পৰা উভতি আহি আছিল। চালকজনে বাছখন পিছলৈ আনিছিল। সেই সময়ত মোৰ ছোৱালী আৰু আন চাৰিজন মানুহ পিছফালৰ পৰা গৈ আছিল। যদিও আনসকলে নিজকে বচাবলৈ সক্ষম হৈছিল, প্ৰীতি দুখন বাছৰ মাজত পিষ্ট হৈছিল আৰু মূৰত গুৰুতৰ আঘাত পাইছিল। যেতিয়া এজন পথচাৰীয়ে মোৰ ছোৱালীৰ ফোনৰ পৰা ফোন কৰি ঘটনাটোৰ বিষয়ে অৱগত কৰিছিল, তেতিয়া মই বজাৰত আছিলো। তেওঁ তাইক কে.ই.এম. চিকিৎসালয়লৈ লৈ গৈছিল, য’ত প্ৰীতিক মৃত ঘোষণা কৰা হৈছিল। চিকিৎসকে মৰণোত্তৰ পৰীক্ষা কৰি তাইৰ শৰীৰটো আমাক গতাই দিছিল। আমি বুধবাৰে প্ৰীতিৰ অন্তিম সংস্কাৰ কৰো।”

তেওঁ আৰু কয়, “প্ৰীতিয়ে ইয়াৰফোন ব্যৱহাৰ কৰি তাইৰ ফোনত কথা পতা নাছিল। কাৰণ তাই সেইবোৰ ঘৰত এৰি গৈছিল। লগতে তাইৰ ফোনত সেই সময়ত কোনো কলৰ ৰেকৰ্ড নাই। বাছ চালকজনে মিছা তথ্য দি নিজকে বচাবলৈ চেষ্টা কৰিছে। তেওঁ কঠোৰতম শাস্তি পোৱা উচিত।”

প্ৰত্যক্ষদৰ্শী গণেশ ভিকুলে কৈছিল, “ঘটনাটো সংঘটিত হোৱাৰ সময়ত মই বাছ ডিপোত উপস্থিত আছিলোঁ। বাছ চালকজনে প্ৰথমে বাহনখন ডিপোলৈ লৈ গৈছিল। কিন্তু ঠাই নোহোৱাৰ বাবে, তেওঁ ইয়াক পিছলৈ নিছিল। তেওঁক পথ প্ৰদৰ্শন কৰিবলৈ বাছখনত কোনো কণ্ডাক্টৰ উপস্থিত নাছিল। প্ৰীতি আৰু আন কিছুমানে বাহনখনৰ পিছফালৰ পৰা গৈ আছিল যেতিয়া ই ছোৱালীজনীক পিষ্ট কৰি আন এখন বাছত খুন্দা মাৰিছিল। চালকজনৰ অৱহেলাৰ বাবে ই ঘটিছিল।”

দাদৰ আৰক্ষী থানাৰ বিষয়া অঞ্জলি ৱানীয়ে কয়, “আমি ভাৰতীয় দণ্ডবিধিৰ ২৭৯ আৰু ৩০৪(ক) ধাৰাৰ অধীনত এটা গোচৰ ৰুজু কৰোঁ আৰু অভিযুক্ত বাছ চালকজনক গ্ৰেপ্তাৰ কৰোঁ। পিছত তেওঁক জামিনত মুক্তি দিয়া হয়।”

Leave a Comment