৭৫ দিনৰ পিছত উদ্ধাৰ হেলিকপ্টাৰ দুৰ্ঘটনাত সন্ধানহীন সেনাৰ পায়লটৰ মৃতদেহ

নিউজ ডেস্ক। যোৱা ৩ আগষ্টত সেনাৰ ধ্ৰুৱ এএলএইচ মাৰ্ক-৪ হেলিকপ্টাৰখন জম্মুৰ ৰঞ্জিত সাগৰ বান্ধত দুৰ্ঘটনাগ্ৰস্ত হৈছিল।

দুৰ্ঘটনাত লেফটেনেণ্ট কৰ্ণেল এ এছ বাথ আৰু কেপ্টেইন জয়ন্ত যোশী নিহত হৈছিল।

ইয়াৰে সেনাই ১৫ আগষ্টত এ এছ বাথৰ মৃতদেহ বিচাৰি পাইছিল যদিও জয়ন্ত যোশী সন্ধানহীন হৈ আছিল।

FB6-BT3s-VIAAm-Nhi

সেনাই জয়ন্ত যোশীৰ সন্ধান অভিযান অব্যাহত ৰাখিছিল। সেই অনুসৰি ৭৫ দিনৰ শক্তিশালী অনুসন্ধানৰ পিছত সেনা আৰু নৌসেনা দুয়োৰে যুটীয়া প্ৰচেষ্টাত কেপ্টেইন জয়ন্ত যোশীৰ মৃতদেহ উদ্ধাৰ হয়।

FB63-OLQVg-AA7sy-K

উল্লেখ্য যে ৩ আগষ্টত সেনাৰ ধ্ৰুৱ এএলএইচ মাৰ্ক-৪ হেলিকপ্টাৰে পাঠানকোটৰ মামুনৰ পৰা উৰা মাৰিছিল। হেলিকপ্টাৰখনত দুজন সেনা বিষয়া আছিল।

এজন আছিল লেফটেনেণ্ট কৰ্ণেল এ এছ বাথ আৰু আনজন আছিল কেপ্টেইন জয়ন্ত যোশী। কিন্তু উৰন্ত অৱস্থাতে সেনাৰ হেলিকপ্টাৰখন দুৰ্ঘটনাগ্ৰস্ত হৈ ৰঞ্জিত সাগৰ বান্ধত খুন্দা মাৰিছিল।

ঘটনাৰ পিছতেই সেনাই উদ্ধাৰ অভিযান আৰম্ভ কৰিছিল যদিও তেওঁলোকৰ মৃতদেহ উদ্ধাৰ কৰিব পৰা নাছিল। অৱশ্যে ঘটনাৰ ১৩ দিন পিছত এএছ বাথৰ মৃতদেহ পোৱা গৈছিল যদিও জয়ন্ত যোশী সন্ধানহীন হৈ আছিল।

GxFveR3w

সেয়েহে সেনাই তেওঁৰ সন্ধান অভিযান অব্যাহত ৰাখিছিল।

জানিব পৰা মতে, উদ্ধাৰ অভিযানত ভাৰতীয় বায়ু সেনাইয়ো সহায় কৰিছিল। অভিযানত এনে কিছুমান সঁজুলি ব্যৱহাৰ কৰা হৈছিল, যিয়ে ৮০ ৰ পৰা ১০০ ফুট গভীৰতালৈ গৈ সন্ধান কৰিব পাৰে। কিন্তু সেই সঁজুলি ব্যৱহাৰ কৰাৰ স্বত্বেও জয়ন্ত যোশীৰ কোনো সন্ধান পোৱা নাছিল।

FB9hb3m-Uc-AQBv13

প্ৰতিটো প্ৰচেষ্টাই বিফল হিচাপে প্ৰমাণিত হৈছিল। তথাপিও উদ্ধাৰ অভিযান অব্যাহত আছিল।

সেই অনুসৰি সেনাই সম্পূৰ্ণ ৭৫ দিনৰ পিছত কেপ্টেইন জয়ন্ত যোশীৰ মৃতদেহ বিচাৰি পায়। বৰ্তমান জয়ন্তৰ মৃতদেহ পৰিয়ালক হস্তান্তৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে সেনাই।

Leave a Comment