অতিৰিক্ত আৰক্ষী অধীক্ষক হিচাপে মীৰাবাই চানুক নিযুক্তি মণিপুৰ চৰকাৰৰ

নিউজ ডেস্ক। টকিঅ’ অলিম্পিকত ‍ভাৰোত্তোলন শাখাত ৰূপৰ পদক লাভ কৰিছিল মীৰাবাই চানুৱে।

দেশ তথা মণিপুৰলৈ এই গৌৰৱ কঢ়িয়াই অনাৰ বাবে মীৰাবাই চানুক মণিপুৰ চৰকাৰে প্ৰদান কৰিব অতিৰিক্ত আৰক্ষী অধীক্ষক পদ।

এই কথা ঘোষণা কৰিছে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে।

এন বীৰেন সিঙে কয় যে মীৰাবাই চানুক ইতিমধ্যে চৰকাৰে ঘোষণা কৰা ১ কোটি টকা প্ৰদানেৰে পুৰস্কৃত কৰা হ’ব।

ইয়াৰোপৰি মুখ্যমন্ত্ৰীয়ে লগতে কয় যে অলিম্পিয়ান জুডোকা লিকমাবাম সুশীলা দেৱীক কনিষ্টবল পদৰ পৰা উপ-পৰিদৰ্শকলৈ পদোন্নতি দিয়া হ’ব।

তেওঁ কয় যে সকলো অংশগ্ৰহণকাৰীক ২৫ লাখ টকাকৈ দিয়া হ’ব। ৰাজ্য চৰকাৰৰ তৰফৰ পৰা শীঘ্ৰেই ৰাজ্যখনত এখন বিশ্বমানৰ ভাৰোত্তোলন একাডেমী স্থাপন কৰাৰ সিদ্ধান্ত লোৱা হৈছে।

জানিব পৰা মতে মংগলবাৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ১ কোটি টকাৰ চেক সহ অতিৰিক্ত আৰক্ষী অধীক্ষক পদৰ নিযুক্তি পত্ৰ মীৰাবাই চানুৰ হাতত অৰ্পণ কৰিব।

Leave a Comment