অবিশ্বাস্য ঘটনা! প্ৰকাণ্ড চিলা উৰুৱাবলৈ গৈ বিপদত পৰিল এজন লােক, ভাইৰেল ভিডিঅ’

অবিশ্বাস্য ঘটনা! প্ৰকাণ্ড চিলা উৰুৱাবলৈ গৈ বিপদত পৰিল এজন লােক, ভাইৰেল ভিডিঅ’

December 23, 2021 0 By NEWS DESK

নিউজ ডেস্ক। চিলা উৰুৱাবলৈ কোনেনো পছন্দ নকৰে। বিশ্বৰ বিভিন্ন প্ৰান্তত চিলা উৰুওৱা প্ৰতিযোগিতাও অনুষ্ঠিত। কিন্তু যদি চিলা উৰুওৱাৰ সময়ত চিলাৰ সৈতে আপুনিও বতাহত পেণ্ডুলামৰ দৰে দুলি থাকে.. সেই দৃশ্য এবাৰ কল্পনা কৰকচোন।

অবিশ্বাস্য যেন লাগিলেও শ্ৰীলংকাৰ জাফনা প্ৰদেশত সংঘটিত হল এনে এক ঘটনা। যি ঘটনাৰ ভিডিঅ’ সামাজিক মাধ্যমত এতিয়া দ্ৰুত গতিত ভাইৰেল হৈ পৰিছে।

জাফনা প্ৰদেশত অনুষ্ঠিত এক চিলা উৰুওৱা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা এজন ব্যক্তি চিলাৰ সৈতে মাটিৰ পৰা প্ৰায় ৩০ ফুট উচ্চতাত ওলমি থাকিল বহু সময়। অৱশ্যে সামান্য আঘাততে ৰক্ষা পৰে ব্যক্তিজন।

সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা ভিডিঅ’টো সোমবাৰৰ বুলি জানিব পৰা গৈছে। ভিডিঅ’টোত দেখা পোৱা গৈছে, এজন ব্যক্তি চিলাৰ ৰছীত ধৰি আকাশ মাৰ্গৰ প্ৰায় ৩০ ফুট উচ্চতাত ওলমি ৰৈছে আৰু মৃত্যুৰ ভয়ত চিঞঁৰিছে।

জানিব পৰা মতে, জাফনা প্ৰদেশত প্ৰতি বছৰে অনুষ্ঠিত হয় পেংগোল উৎসৱ। য’ত চিলা উৰুওৱা প্ৰতিযোগিতা চাবলৈ বহু দূৰ দূৰণিৰ পৰা মানুহৰ সমাগম ঘটে। প্ৰতিযোগী সকলেও নানান ৰং বিৰঙৰ চিলা প্ৰস্তুত কৰি এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে।

সোমবাৰে অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাত অংশ লোৱা এজন প্ৰতিযোগীয়ে নিজৰ চিলাখন উৰুৱাবলৈ বতাহত মেলি দিওঁতেই সংঘটিত হয় এই আচৰিত ঘটনা। প্ৰতিযোগীজনে চিলাখন উৰুৱাবলৈ ৰছীত ধৰি জঁপিয়াই থাকোতেই হঠাৎ চিলাখন ওপৰলৈ উৰিবলৈ ধৰে আৰু ৰছীত ধৰি থকা ব্যক্তিজনো চিলাৰ সৈতে উৰিবলৈ ধৰে।

যাৰ ফলত কেইটামান চেকেণ্ডৰ বাবে এনেদৰে ৩০ ফুট উচ্চতাত শূণ্যত ওপঙি ৰয় ব্যক্তিজন। অৱশ্যে পিছত ব্যক্তিজনে ওপৰৰ পৰা জঁপিয়াই দিয়াত সামান্য আঘাত পায় যদিও মৃত্যুৰ পৰা ৰক্ষা পৰে।

এই আচৰিত ঘটনাই এতিয়া সামাজিক মাধ্যমত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

লগতে চাওকঃ

SI ৰ বাছনি পৰীক্ষাত হাই-টেক্ পদ্ধতিৰে নকল কৰি ধৰা পৰিল পৰীক্ষাৰ্থী, ভাইৰেল ভিডিঅ’