অলিম্পিকত ৰূপৰ পদক জয় মল্লযোদ্ধা ৰবি দাহিয়াৰ, প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা

নিউজ ডেস্ক। টকিঅ’ অলিম্পিকৰ ছেমিফাইনেলত কাজাখস্তানৰ মল্লযোদ্ধাক ধৰাশায়ী কৰি চাঞ্চল্য সৃষ্টি কৰা ভাৰতীয় মল্লযোদ্ধা ৰবি দাহিয়া ব্যৰ্থ হ’ল ফাইনেলত।

ৰাছিয়াৰ জৌৰ উগুয়েভে ভাৰতীয় মল্লযোদ্ধা জনক ৭-৪ ব্যৱধানত পৰাস্ত কৰি সোণৰ পদক লাভ কৰে। কিন্তু ২৩ বছৰীয়া ৰবি দাহিয়াই তেওঁৰ প্ৰথম অলিম্পিকত ৰূপৰ পদক জয় কৰি গৌৰৱান্বিত কৰিলে ভাৰতক।

বৰ্তমান সামাজিক মাধ্যমত সকলোৱে উচ্চ প্ৰশংসা কৰিছে মল্লযোদ্ধা জনক।

উল্লেখ্য যে ৰবি দাহিয়া অলিম্পিকত ৰূপৰ পদক জয় কৰা দ্বিতীয় ভাৰতীয় মল্লযোদ্ধা।

ইয়াৰ পূৰ্বে ভাৰতীয় মল্লযোদ্ধা সুশীল কুমাৰে ২০১২ চনৰ লণ্ডন অলিম্পিকত লাভ কৰিছিল ৰূপৰ পদক।

ইপিনে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মােদীকে ধৰি বিভিন্নজনে এই সাফল্যত ৰবি দাহিয়ালৈ শুভেচ্ছা জ্ঞাপন কৰিছে।

Leave a Comment